আন্দোলন শেষ হোৱা নাই, আৰম্ভহে হৈছে৷ গতিকে এতিয়াও বাকী আছে আন্দোলনৰ আন এক অধ্যায়৷ অসমাপ্ত বিপ্লৱ শীঘ্ৰে আৰম্ভ কৰিব শৃংখল চলিহাহঁতে৷
মাৰোৱাৰীয়ে আঁঠু লোৱাৰ পিছত শিৱসাগৰৰ ভিন্ন ঠাইৰ নাম প্ৰথমে সলনি কৰিবলৈ পৰিকল্পনা কৰিছে আন্দোলনকাৰীয়ে৷ তাহানিৰ আহোম ৰজাৰ ৰাজধানীৰ নামৰ পৰা বহিৰাগতৰ গোন্ধ আঁতৰাবলৈ সিদ্ধান্ত লৈছে জাতীয়তাবাদী সংগঠনে৷
তদানুসৰি প্ৰথমে সলনি কৰা হ’ব মাৰোৱাৰীপট্টীৰ নাম৷ বিহাৰী বা মাৰোৱাৰী লোকৰ বসতি বৃদ্ধিৰ বাবে সলনি হৈ যোৱাৰ ঠাইৰ নাম জাতীয়তাবাদীয়ে সলনি কৰিব৷
পৰ্যায়ক্ৰমে অসমৰ আন জিলাতো লোৱা হ’ব অনুৰূপ পদক্ষেপ৷ মাৰোৱাৰীপট্টী, বাবুপট্টী, বিহাৰীপট্টীৰ দৰে ঠাইৰ নাম সলনি কৰি পেলোৱা হ’ব৷
পূৰ্বে এইসমূহ ঠাইৰ নাম যি আছিল সেয়া আন্দোলনকাৰীয়ে পুনৰুদ্ধাৰ কৰিব৷ পুৰণি নামেৰে ঠাইসমূহ আকৗ নামকৰণ কৰিবলৈ আৰম্ভ কৰা হ’ব আন্দোলনৰ দ্বিতীয় পৰ্যায়৷
এই সিদ্ধান্ত ইতিমধ্যে জাতীয়তাবাদী সংগঠনে গ্ৰহণ কৰিছে৷ গতিকে আৰম্ভ কৰা হৈছে যাৱতীয় প্ৰস্তুতি৷ শিৱসাগৰত ইতিমধ্যে মাৰোৱাৰী সমাজক নাম সলনিৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে সংগঠনে৷ সকলোৱে মানিও লৈছে জাতীয়তাবাদীৰ সিদ্ধান্ত৷