আকৌ আন্দোলনত উত্তাল হৈ পৰিছে অসম৷ পিছে এটা কথা জানেনে
আমি সমৰ্থন অথবা বিৰোধিতা কৰা আন্দোলনবোৰ আঁৰৰ পৰা পৰিচালনা কৰি থাকে অজ্ঞাত শক্তিয়ে৷ আনকি তিৰাশীৰ অসম আন্দোলনেই RSSৰ পৰিকল্পনা বুলিও ভিন্নজনে স্বীকাৰ কৰিছে৷ RSS আৰু অসম আন্দোলনৰ সম্পৰ্কৰ সবিশেষ আনকি প্ৰকাশ কৰিছে আমেৰিকাৰ স্পাই এজেন্সী CIAই৷
আচৰিত যেন লাগিলেও সত্য, অসম আন্দোলনৰ সময়তো ৰাজ্যত মাৰ্কিন চোৰাংচোৱা প্ৰতিষ্ঠান CIA সক্ৰিয় হৈ আছিল৷ অসমৰ সেই সময়ৰ পৰিস্থিতিৰ বিষয়ে CIAই প্ৰস্তুত কৰিছিল কেবাখনো প্ৰতিবেদন৷
তাৰে এখনত স্পষ্টভাৱে প্ৰমাণিত হৈছে আন্দোলনকাৰী আৰু RSSৰ সম্পৰ্ক৷
বিশেষ প্ৰতিবেদনখন CIAই দাখিল কৰিছিল ১৯৮৩ চনৰ ১ আগষ্টত৷ উক্ত প্ৰতিবেদনত প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু ফুকনৰ লগতে নাম আছিল জয়নাথ শৰ্মাৰ৷ তেতিয়া স্বেচ্ছাসেৱক বাহিনীৰ মুৰব্বী জয়নাথ শৰ্মাক RSSৰ সদস্য বুলিয়েই CIAই প্ৰতিবেদনত উল্লেখ কৰিছিল৷ লগতে প্ৰতিবেদনত নাম আছিল এতিয়াৰ দিছপুৰৰ বিধায়ক অতুল বৰাৰ৷
দীৰ্ঘদিনৰ পিছত ২০১১ চনৰ ৭ জানুৱাৰীত প্ৰতিবেদনখন ডিক্লাছিফাই অৰ্থাৎ ৰাজহুৱা কৰা হয়৷উক্ত প্ৰতিবেদনত আকৌ অসমৰ নেৃতৃত্বৰ উপৰি নাম আছিল ৰাষ্ট্ৰীয় নেতাৰো৷ অসম আন্দোলনৰ সৈতে অটল বিহাৰী বাজপেয়ীৰ সংযোগৰ কথা CIAই বিস্তাৰিতভাৱে উল্লেখ কৰিছিল৷
লগতে আন্দোলনৰ সৈতে সম্পৰ্ক থকা বুলি নাম উল্লেখ কৰা হৈছিল তেতিয়াৰ RSS নেতা বালাচাহেব দেওৰা আৰু বিৰাট হিন্দু সমাজৰ মুৰব্বী কৰণ সিঙৰো৷
এইসকলৰ প্ৰৰোচনাতে অসমৰ বহিৰাগত বিৰোধী আন্দোলন ক্ৰমে মিঞা বিৰোধী হৈ পৰিছিল৷ যাক তথ্যসহ প্ৰমাণিত কৰিছে আমেৰিকাৰ গুপ্তচৰে৷
গতিকে আন্দোলনৰ ঢৌত উটি-ভাহি নাযাব৷ কোনোবাই পতা ফান্দত নিদিব ভৰি৷