১৭ বছৰীয়া সম্পৰ্কৰ যৱনিকা পেলালে ঐশ্বৰ্য ৰায় বচ্চনে৷ লাজ-অপমান সহি সহি আৰু থাকিব নোৱাৰিলে নীলনয়না সুন্দৰী৷ গতিকে বচ্চন পৰিয়ালৰ বাধা নেওচি ত্যাগ কৰিলে গৃহ৷ মুক্ত জীৱন কটোৱাৰ উদ্দেশ্যে ১৭ বছৰীয়া বৈবাহিক জীৱনৰ ইতি পেলালে ঐশ্বৰ্যই৷
অৱশ্যে বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্যৰ সংঘাত বহুদিনীয়া৷ বিশেষকৈ শাহুৱেক জয়া বচ্চনৰ সৈতে ঐশ্বৰ্যৰ গৃহকন্দল তুংগত উঠা বুলিও প্ৰকাশিত হৈছিল৷ তাৰ মাজতে চৰু সুকীয়া কৰিছিল ঐশ্বৰ্যই৷ বচ্চন পৰিয়ালৰ ঘৰ ত্যাগ কৰি আছুতীয়াকৈ থাকিবলৈ লৈছিল একালৰ বিশ্বসুন্দৰীগৰাকীয়ে৷
তাৰ মাজতে স্বামী অভিষেক বচ্চনৰ কৰ্ম-কাণ্ডয়ো ক্ষুণ্ণ কৰিলে ঐশ্বৰ্যক৷ বিশেষকৈ পিতৃ-মাতৃৰ সংগ লৈ পত্নীক অৱজ্ঞা কৰা বুলি অভিষেকৰ বিৰুদ্ধে ঐশ্বৰ্যই অভিযোগ কৰিছিল৷
প্ৰায় দুবছৰ গোপনে চলি থকা পাৰিবাৰিক সংঘাতৰ কিন্তু শেষত বৰ্হিপ্ৰকাশ ঘটিল৷ কন্যা আৰাধ্যক বুকুত বান্ধি মুম্বাইৰ স্বামীগৃহ ঐশ্বৰ্যই পৰিত্যাগ কৰিলে৷
বলীউডী সংবাদপত্ৰৰ খবৰ অনুসৰি ঐশ্বৰ্যই বিচ্ছেদৰ বাবেও শীঘ্ৰে আবেদন কৰিব৷ কিন্তু ঘটনাক্ৰমৰ সময়তো নীৰৱ দৰ্শক হৈ আছে অভিষেক৷ আনকি মাতৃ জয়া বচ্চনৰ কোপৰ পৰা পত্নীক ৰক্ষা কৰিবলৈ এষাৰো মাত মতা নাই অভিনেতাজনে৷
স্বামীৰ নীৰৱতাই অতিষ্ঠ কৰা ঐশ্বৰ্যই গৃহ ত্যাগ কৰাৰ কথা বলীউডী টেবলয়ডত সবিস্তাৰে প্ৰকাশ পাইছে৷ পাৰিবাৰিক কন্দলৰ সময়ত আকৗ সম্পত্তি ভাগ কৰিছে অমিতাভ বচ্চনে৷ তেওঁ নিজৰ গৰিষ্ঠভাগ সম্পত্তি চমজাই দিছে কন্যাক৷
গতিকে লাজে-অপমানে ঘৰৰ পৰা ওলাই গৈছে ঐশ্বৰ্য৷ তেওঁ বচ্চন পৰিয়ালক ওভতাই দিছে সকলো উপহাৰ৷