১৮ বিধায়কৰ পত্ৰবোমা, বৰা যাবগৈ

ৰাজীৱ ভৱনত গৌৰৱ গগৈক লাগে সৰহসংখ্যক কংগ্ৰেছীক৷ ভূপেন বৰাৰ নেতৃত্বই তেওঁলোকক আমুৱাইছে৷ গতিকে সভাপতি সলনিৰ দাবী দলৰ অভ্যন্তৰৰ পৰাই উত্থাপিত হৈছে৷
ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰাসকল আকৌ সাধাৰণ কংগ্ৰেছী নহয়৷ তেওঁলোক ৰাজীৱ ভৱনৰ ক্ষন্তেকীয়া আলহীও নহয়৷ দলৰ বিধায়কসকলেই একগোট হৈ বিচাৰিছে ভূপেন বৰাৰ অপসাৰণ৷
ইমানদিনে সকলো অপকৰ্ম-দম্ভ সহ্য কৰি থকা ১৮ জন কংগ্ৰেছ বিধায়কে ভূপেন বৰাৰ বিৰোধিতা কৰিছে৷ তেওঁলোকে APCCৰ সভাপতিৰ অপসাৰণ বিচাৰি দিল্লীলৈ প্ৰেৰণ কৰিছে পত্ৰ৷
ইতিমধ্যে ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই লাভ কৰিছে অসমৰ বিধায়কৰ অভিযোগ পত্ৰ৷ গোপনীয় চিঠিখনত বিধায়কসকলে উত্থাপন কৰিছে ভূপেন বৰাৰ কুকীৰ্তিৰ একাধিক তথ্য৷ লোকসভা নিৰ্বাচনতো দলক গড্ডাৰি কৰি সভাপতিয়ে কৰা অনিয়মৰ সবিশেষ পত্ৰখনত বৰ্ণনা কৰা হৈছে৷
সমান্তৰালকৈ পত্ৰখন ৰাহুল গান্ধীৰো হাতত পৰিছে৷ গতিকে ঘটনাক্ৰম সম্প্ৰতি সৰল হৈ থকা নাই৷ ভূপেন বৰাক বিজেপিৰ ছদ্মৱেশী এজেণ্ট হিচাপে অভিহিত কৰি উক্ত পত্ৰখনত দিয়া হৈছে কেবাটাও প্ৰমাণ৷
১৮ বিধায়কে গৌৰৱ গগৈক ভূপেন বৰাৰ ঠাইত অধিষ্ঠিত কৰিবলৈ পত্ৰখনত দাবী জনাইছে৷ আনহাতে চিঠিখনত কংগ্ৰেছৰ প্ৰতি সহানুভূতিশীল মহলৰ প্ৰতি ভূপেন বৰাৰ ৰোষৰ কথাও লিখিছে বিধায়কে৷ বিজেপিৰ সৈতে অনবৰতে যোগাযোগত থকা অনুচৰৰ হতুৱাই বৰাই কেনেকৈ জালিয়াতি কৰে সেয়াও পত্ৰখনত সবিস্তাৰে কৰা হৈছে ব্যাখ্যা৷
এতেকে ৰাজীৱ ভনত প্ৰায় চাউল উকলিছে ভূপেন বৰাৰ৷ লোকসভা নিৰ্বাচনতে আসন বিক্ৰী কৰা ভূপেন বৰা এণ্ড কোম্পানী ৰাজীৱ ভৱনৰ পৰা বাহিৰ হোৱাটো হৈ পৰিছে অৱধাৰিত৷ সম্ভৱতঃ সভাপতি পদ যোৱাৰ পিছত ভূপেন বৰায়ো বাছি ল’ব এটা বিশেষ পথ৷ যাৰ বিষয়ে আমি প্ৰকাশ কৰিম সবিশেষ তথ্য৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email