উজনিলৈ পঠিওৱা নাই, মাছবোৰ গুৱাহাটীলৈ পঠিয়াই দিছে মিঞাই৷ সেই অনুসৰি গুৱহাটীত কমিব লাগিছিল মাছৰ দাম৷ কিন্তু নাই কমা৷ যোৱা তিনিদিনধৰি গুৱাহাটীত বাঢ়িছেহে মাছৰ দাম৷ আগতে ৫০০ টকা দৰত পোৱা ১ কেজি বাহু মাছ এতিয়া ৬০০ টকাত বিক্ৰী হৈছে৷
অসমত মিঞা আৰু মাছ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ উজনিৰ মিঞা খেদা আন্দোলনক লৈয়েই ব্যস্ত হৈ পৰিছে সকলো৷ কিন্তু বজাৰৰ জুই নুমওৱা নাই৷ ৰাজনীতিকলৈয়েই সকলো ব্যস্ত হৈ পৰাৰ সময়ত সামগ্ৰীৰ দাম ইমানেই বাঢ়িছে যে এচাম লোকে খাব নোৱাৰা হৈছে আলু-পিঁয়াজ৷
বিছনাত শুই ফে’চবুকত আন্দোলন কৰিলে কোনেও গমেই নাপায়, প্ৰতিবিধ পাচলিৰে এপোৱাৰ ন্যূনতম দাম হৈছেগৈ ৪০ টকা৷ আমি মিঞা আৰু মাছৰ কথা পাতি থাকোতে আলুৰ দাম ইতিহাসৰ ভিতৰতে সৰ্বাধিক হৈছেগৈ৷
সচৰাচৰ সস্তা দামতে পোৱা বিলাহীৰ কেজি এতিয়া হৈছেগৈ ৮০ টকা৷ আগ্ৰাৰ পৰা অহা আলু ৫৫ টকাতো বিক্ৰী কৰিছে বেপাৰীয়ে৷
পিঁয়াজৰ দাম ঠায়ে ঠায়ে ৭০ টকালৈ বাঢ়িছে৷ তিয়ঁহৰ দাম হৈছেগৈ ৮০ টকা৷ জলকীয়াও সাধাৰণ ক্ৰেতাই কিনিব নোৱাৰা দামত বেচিছে বিক্ৰেতাই৷
আগতে ঘৰে ঘৰে থকা অমিতাৰ কেজি সম্প্ৰতি ৬০ টকা৷ পূৰ্বে অসমত ভোলৰ বিক্ৰী বন্ধই আছিল৷ কিন্তু এতিয়াৰ বজাৰত জহাভোলৰ দাম ৫০ টকা৷
ইমান দাম ভৰি সামগ্ৰী কিনি খাই আমি পাতি আছোঁ মিঞাৰ কথা৷