হিমন্ত বিশ্ব শৰ্মাৰ অভিলেখ

কেছ সকলোৰে বিৰুদ্ধে আছিল, কিন্তু বৰ্তমানজনৰ বিৰুদ্ধে শাসনকালত ৰুজু কৰা হৈছে সৰ্বাধিকসংখ্যক গোচৰ৷
অসম আন্দোলনৰ পিছত উত্তাল হৈ পৰা অসমত হিতেশ্বৰ শইকীয়াৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ৷
তাৰ পিছত প্ৰফুল্ল মহন্ত আকৌ LOC গোচৰত অভিযুক্ত হৈছিল৷ তাৰ পিছতো মহন্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গুপ্তহত্যাৰ গোচৰ৷
শেষত তৰুণ গগৈও গোচৰৰ পৰা বাছি নাথাকিল৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷
শৰ্মাই তৰিছিল ১০০ কোটি টকাকৈ দুটা মানহানিৰ গোচৰ৷ তেতিয়া গগৈক সংগ দি গুৱাহাটীত কংগ্ৰেছীয়ে প্ৰতিবাদো স্যবস্ত কৰিছিল৷
কিন্তু গোচৰৰ সংখ্যাৰে সকলোকে অতিক্ৰম কৰিলে হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁৰ বিৰুদ্ধে শাসনকালতে সৰ্বাধিকসংখ্যক গোচৰ ৰুজু হ’ল৷
কিছুদিনৰ পূৰ্বে আম আদমী পাৰ্টীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ এতিয়া সন্মিলিত বিৰোধীয়েও তৰিলে গোচৰ৷
তদুপৰি তেওঁৰ বিৰুদ্ধে আছে আন কেবাটাও গোচৰ৷ গতিকে আন এটা অভিলেখৰো গৰাকী হ’ল অসমৰ মুখ্যমন্ত্ৰী৷
অৱশ্যে শাসনত থকাৰ সময়ত গোচৰৰ সংখ্যাৰে শিলাদিত্য দেবক চেৰ পেলাব পৰা নাই কোনেও৷ বিধায়ক হৈ থকাৰ সময়তে দেবৰ বিৰুদ্ধে ৰুজু হৈছিল ১০২টা গোচৰ৷ সেই অভিলেখ আজিও অক্ষত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email