বিহুমেলাত গীত গাব নোৱাৰিব জুবিনে!

অৱশেষত জুবিন গাৰ্গৰ সাংগীতিক যাত্ৰাৰ সমাপ্তি ঘটিল৷ অসমৰ কোনো অনুষ্ঠানতে ভৱিষ্যতে শ্ৰোতাই শুনিবলৈ নাপাই জুবিনৰ দৰদী কণ্ঠ৷ বিহুৰ বতৰতো অনুষ্ঠান নকৰে জুবিনে৷ কেৱল এয়াই নহয়, বিহুমেলাৰ আয়োজকেও সাংস্কৃতিক সন্ধিয়ালৈ জুবিনক নিমন্ত্ৰণ কৰিব নোৱাৰে৷
কাৰণ অসমত জুবিন গাৰ্গ নিষিদ্ধ
অসম্ভৱ যেন লাগিছে যদিও এয়া চৰকাৰী সিদ্ধান্ত৷ কিছুদিনৰ পিছতে চৰকাৰে আইন প্ৰণয়ন কৰি অসমত নিষিদ্ধ কৰিব পাৰে জুবিনৰ সাংস্কৃতিক অনুষ্ঠান৷
যদি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা পূৰ্বৰ স্থিতিত অটল থাকে তেন্তে জুবিন নিষিদ্ধ হোৱাটো খাটাং৷ কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল- অসমত চাকৰি নাপাব USTMৰ শিক্ষাৰ্থীয়ে৷ মেঘালয়ৰ USTMৰ পৰা ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থী অসম চৰকাৰৰ চাকৰিৰ বাবে অযোগ্য ঘোষিত হ’ব৷
সেই অনুসৰিয়েই জুবিন গাৰ্গৰ গীত অসমত নিষিদ্ধ হোৱাটো খাটাং৷ কাৰণ জুবিনে USTMৰ সমাৱৰ্তনত উপস্থিত থাকি গ্ৰহণ কৰিছে ডি লিট উপাধি৷ বিশ্ববিদ্যালয়খনে যাচি দিয়া সন্মান গাউন আৰু টুপী পিন্ধি জুবিনে গ্ৰহণ কৰিছে৷
গতিকে কাৰ্যত: অসমৰ শত্ৰু বুলি মুখ্যমন্ত্ৰীয়ে অভিহিত কৰা শিক্ষানুষ্ঠানৰ পৰা জুবিনে গ্ৰহণ কৰিছে ডি লিট উপাধি৷
যদি USTMৰ শিক্ষাৰ্থীয়ে অসমত চাকৰি নাপাই তেন্তে একেই ফৰ্মুলা অনুসৰি জুবিনেও গাবলৈ নোৱাৰে গীত৷ সম্ভৱত: এতিয়াৰ পৰা চৰকাৰী কাৰ্যক্ৰমতো মুখ্যমন্ত্ৰীয়ে নিষিদ্ধ কৰিব জুবিনক৷
গতিকে ৰাইজে শুনিবলৈ নাপাব জুবিনৰ গান৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email