কোন এই স্ব-ঘোষিত কাগজৰ বাঘ

কেইবছৰমান আগৰ কথা
গুৱাহাটী সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ ইচ্ছা কৰিলে ৰমেন বৰঠাকুৰে৷ তেতিয়াৰ চহকী কংগ্ৰেছী বৰঠাকুৰে ৰাজীৱ ভৱনক পুঁজিৰো যোগান ধৰিলে৷ দলৰ নেতাই নিৰ্বাচনৰ সময়ত ভ্ৰমণ কৰিবলৈ ধন দিলে ৰমেন বৰঠাকুৰে৷ ইমানৰ পিছতো কিন্তু তেওঁ টিকট নাপালে৷ পিছে তাৰ পিছতো কংগ্ৰেছতে থাকিল বৰঠাকুৰ৷
২০২১ৰ বিধানসভা নিৰ্বাচনত আকৌ বৰঠাকুৰ জালুকবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থী হ’ল৷ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি স্ব-ঘোষিত বাঘ বৰঠাকুৰ গোপাতপাতকৈ হাৰিল৷ কিন্তু ফলাফলৰ পূৰ্বে সোণাপুৰৰ ৰিজ’ৰ্টত সোমাই থাকি বৰঠাকুৰে যিখন নাটক কৰিলে সেয়া আছিল অকল্পনীয়৷
কিন্তু সেইজন বৰঠাকুৰে এজন প্ৰাক্তন বিধায়কৰ পৃষ্ঠপোষকতাত আপত যোগদান কৰিলে৷ নতুন দলত সোমায়েই কিন্তু কংগ্ৰেছক গালি পাৰিবলৈ আৰম্ভ কৰিলে তেওঁ৷ আপত যোগদানৰ পিছতে বৰঠাকুৰে কৈ দিছে- কংগ্ৰেছে চাহ শ্ৰমিকক প্ৰতাৰণা কৰিছে৷
এইজন বৰঠাকুৰে সমালোচনা সহ্য কৰিবই নোৱাৰে৷ তদুপৰি তেওঁক কোনোবাই চিনি নাপালেও খং উঠে ৰমেন বৰঠাকুৰৰ৷ নিজকে তেওঁ ভাবে বাঘ বুলি৷ কিন্তু আনে কি বুলি ভাবে সেই কথা মুঠেও নাজানে বৰঠাকুৰে৷
কথাইপতি আনক ধমক দিয়া আপত বৰঠাকুৰে কি কৰিব সেয়া জনা গৈছে৷ গতিকে কথাবোৰ ৰাজহুৱা হোৱাৰ আগতেই তেওঁ সাৱধান হোৱা ভাল৷ অন্যথা বিফল ৰাজনৈতিক কেৰিয়াৰৰ শেষত হেৰাই যাব অৱশিষ্ট সন্মানকণো৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email