নপঠিয়াও বুলি কোৱাৰ পিছতো মাছ পঠিয়াইছে৷ শিৱসাগৰ আৰু ডিব্ৰুগড়লৈ আহিয়েই আছে নগাঁৱৰ মাছ৷ সোমবাৰে নিশাও আহিছে মাছভৰ্তি প্ৰায় ১৪ খন গাড়ী৷ মৰিগাঁৱৰ পৰাও উজনিলৈ প্ৰেৰণ কৰা হৈছে মাছ৷
উজনিৰ সংগঠনৰ হুলিয়া জাৰিৰ সময়ত মধ্য অসমৰ অসমীয়া মাছ বেপাৰীয়ে কঁকালত টঙালি বান্ধিছে৷ নগাঁৱৰ ভিন্নপ্ৰান্তৰ খিলঞ্জীয়া মৎস্যপালকে উজনিলৈ প্ৰেৰণ কৰিছে মাছ৷
চৰকাৰী তথ্য মতে অসমলৈ প্ৰতি বছৰে ২ কোটি ১০ লাখ কেজি মাছ বাহিৰৰ পৰা আহে। অৰ্থাৎ প্ৰতিদিনে আহে প্ৰায় ৫৭.৫ হাজাৰ কেজিকৈ। এতিয়া কিন্তু অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈ মাছ অহাৰ পৰিমাণ কমিছে৷ মাছ আহিছে বাৰ্মাৰ পৰা৷
আনহাতে নগাঁৱৰ চুলুঙৰ পুখুৰীত উৎপাদিত মাছৰ সলনি উজনিলৈ আহিছে লোকেল মাছ৷ অসমীয়া ব্যৱসায়ীয়ে নিজা উদ্যোগত গোলাঘাট আৰু শিৱসাগৰলৈয়ো প্ৰেৰণ কৰিছে মাছ৷
তাৎপৰ্যপূৰ্ণভাৱে মিঞা মৎস্যপালকৰ কঠোৰতাৰ সময়তো উজনিলৈ সৰবৰাহ কৰা মাচৰ পৰিমাণ হ্ৰাস পোৱা নাই৷