১৯৯৬ চনৰ বিধানসভাৰ অধিৱেশনৰ দিনৰ কথা৷ আৰক্ষীৰ বাজেটৰ বিৰুদ্ধে উত্থাপিত কৰ্তন প্ৰস্তাৱৰ বিষয়ে চৰকাৰ আৰু বিৰোধীৰ যুক্তিযুদ্ধ চলি আছে। সেই সময়ত মুখ্য মন্ত্রী হিতেশ্বৰ শইকীয়াই গৃহ বিভাগৰো দায়িত্বত আছিল।
কিন্তু চৰকাৰী পক্ষই বিৰোধীক তেতিয়া কৰ্তন প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবী জনালে৷ পিছে চৰকাৰে এটা চৰ্ত পূৰণ কৰিলেহে বিৰোধীয়ে কৰ্তন প্রস্তাৱ প্রত্যাহাৰ কৰিব বুলি জনাই দিয়া হ’ল৷
চৰ্তটো এঝন বিধায়কে ব্যাখ্যা কৰিলে৷ তেওঁ ক’লে কামৰূপ জিলাৰ এছ পি বঙলাৰ চৌহদৰ পকীবেৰখনত এটা অশালীন আৰু অসমীয়া জাতিটোৰ বাবেই অপমানজনক শ্লোগান বৰ বৰ হৰফেৰে লিখা আছে।
সেইখিনি মচি দিবলৈ ৰং কিনাৰ স্বাৰ্থত কৰ্তন প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হ’ব। কিন্তু সকলো হঠাতে উৎসকুক হৈ পৰিল৷ বেৰখনত কি লিখা আছিল সকলোৰে জানিবলৈ মন গ’ল৷
পিছত ফটো ওলাল৷ বেৰখনত লিখা আছিল
ৰাইজ সাৱধান হ’ব৷
হিতেশ্বৰ বলিয়া হৈছে, কামুৰিব চাব।
এই পুৰণি ঘটনাতো আমি কোৱাৰ কাৰণ হৈছে তেতিয়াৰ পৰিস্থিতিৰ সৈতে এতিয়াৰ বৰ অমিল নাই৷ স্বয়ং মুখ্যমন্ত্ৰীয়েই ব্যৱহাৰ কৰিছে পগলা কুকুৰৰ প্ৰসংগ৷
তাৰ পিছতে ফে’চবুক উপচি পৰিছে পগলা কুকুৰক লৈ৷ চৌদিশে হিংসা-অসূয়াই ৰাজ্য সম্প্ৰতি আগুৰি ধৰিছে৷ যেন চক্ৰবেহুতহে আবদ্ধ হৈ পৰিছে অসমীয়া৷