১২ লাখটকীয়া গাড়ীৰ দাম কিয় ২১ লাখ?

মিঞা, খিলঞ্জীয়া এইবোৰ কথা পাতিয়েই আছোঁ| এতিয়া শুনক বেলেগ এটা কথা,
টেক্সৰ নামত ৰাইজক কুঁহিয়াৰ চেপাদি চেপিছে চৰকাৰে৷ উদাহৰণটো শুনক৷ ধৰক আপুনি মহিন্দ্ৰ কোম্পানীৰ থাৰ গাড়ীখন কিনিবলৈ ওলাইছে৷ তেন্তে সেই গাড়ীখনৰ দাম হৈছে ১১ লাখ ৬৫ হাজাৰ টকা৷ কিন্তু সেইটো দামত আপুনি গাড়ীখন কিনিব নোৱাৰে৷
কাৰণ গাড়ীখনৰ SGST অৰ্থাৎ ৰাজ্যিক GST হৈছে ১৪ শতাংশ৷ সেই হিচাপত ৰাজ্য চৰকাৰক গ্ৰাহকে দিব লাগে ১ লাখ ৬৩ হাজাৰ টকা৷
একেদৰে CGST অৰ্থাৎ কেন্দ্ৰীয় GSTও হৈছে ১৪ শতাংশ৷ সেই অনুযায়ী গ্ৰাহকে কেন্দ্ৰীয় চৰকাৰকো ১ লাখ ৬৩ হাজাৰ টকা কৰ দিব লাগে৷
কিন্তু ইমান কৰ সংগ্ৰহ কৰিয়েই চৰকাৰৰ পেট ভৰা নাই৷ এতিয়া আহিছে চেছৰ কথা৷
GSTৰ পিছত চৰকাৰে এখন গাড়ীত চেছ আৰোপ কৰিছে ২০ শতাংশ৷ গতিকে থাৰ এখন কিনিলে আপুনি চেছৰ নামত টেক্স দিব লাগে ২ লাখ ৩৩ হাজাৰ টকা৷
এইবাৰ আকৌ আছে TCS৷ গাড়ীত ১ শতাংশ TCS কৰা হৈছে৷ গতিকে থাৰৰ দাম অনুসৰি TCS হৈছে ১৭,২৪০ টকা৷
ইমানখিন ধন দিয়াৰ পিছতো গাড়ীখন আপোনাৰ হৈ নাযায়৷ এতিয়া দিবলগীয়া হ’ব ৰোড টেক্স৷ পথত গাড়ী চলোৱাৰ বাবে কৰ হিচাপে থাৰৰ মালিকে দিব লাগে ২ লাখ ১৯ হাজাৰ টকা৷
তাৰ পিছত আহিল বীমাৰ কথা৷ কোম্পানীৰ জৰিয়তে থাৰৰ দৰে গাড়ী বীমা কৰোৱাৰ বাবে দিব লাগে প্ৰায় ১ লাখ টকা৷
গতিকে সকলো মিলাই থাৰখনৰ দাম হয়গৈ ২০ লাখ ৬০ হাজাৰ টকা৷ কোম্পানীয়ে প্ৰায় ১২ লাখত বেচিব পৰা গাড়ীখন গ্ৰাহকে টেক্সৰ বাবে কিনিব লাগে প্ৰায় ২১ লাখ টকাত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email