আজকে খেলা জিতলো ৰে… কেই গ’লে, চ্চাৰ গ’লে…
আগষ্টৰ পৰা ছেপ্টেম্বৰলৈ আগতে অসমত চলিছিল এনেধৰণৰ কথা-বতৰা৷ এইছোৱা সময় আছিল ফুটবলৰ৷ বিশেষকৈ বিভিন্ন চাহ বাগিচাৰ খেল পথাৰত অনুষ্ঠিত হৈছিল ফুটবল মেচ৷ ট্ৰাকত উঠি দৰ্শক মেচ চাবলৈ গৈছিল৷ হাই-উৰুমিৰে মুখৰ হৈ পৰিছিল পৰিৱেশ৷
কিন্তু এতিয়া ফুটবল খেলিবলৈ কাৰো সময় নাই৷ খেল-ধেমালিৰ পৰিৱেশো মুঠেই নাই৷ সৰ্বত্ৰ চলি আছে মিঞাৰ চৰ্চা৷
বাৰিষা খেতিৰ কাম সামৰাৰ পিছতে আগতে অসমৰ গাঁৱে-ভূঞে আৰম্ভ হৈ যায় ফুটবল আৰু ভলীবলৰ বতৰ৷ একেবাৰে নৱেম্বৰলৈ চলি থাকে খেলা৷ কিন্তু এতিয়া তেনে কোনো পৰিৱেশ নাই৷ গাঁৱে-ভূঞে খেল-ধেমালিৰ সলনি চলি আছে ৰাজনৈতিক চৰ্চা৷
সুস্থ পৰিৱেশ গঢ় দিয়াৰ বাবে পূৰ্বে চৰকাৰেও গ্ৰাম্য ক্ৰীড়াক অগ্ৰাধিকাৰ দিছিল৷ চাহ বাগিচাৰ খেলুৱৈসকল আছিল স্থানীয় এলেকাৰ ষ্টাৰ৷ তেওঁলোকক সঠিক প্ৰশিক্ষণ দিয়াহেঁতেন ক্ৰীড়া মানচিত্ৰত অসমৰ স্তান সলনি হোৱাৰে থল আছিল৷ কিন্তু তেনে একো নহ’ল৷
এতিয়া গ্ৰামাঞ্চলত থেলৰ পৰিৱেশ মুঠেও নাই৷ ৰাজনীতিৰ বিষবাস্পই ছানি ধৰিছে অসম৷ খেলৰ সলনি গাঁৱে-ভূঞে চলিছে মিঞা, USTM আদিৰ চৰ্চা৷