ৰাইজ, কথাবোৰ মনত ৰাখিব| তেজ গৰম কৰি জয় আই অসম বুলি টেঁটুফালি চিঞৰিলেই কোনো জাতীয়তাবাদী হৈ যাব নোৱাৰে৷
মনত ৰাখিব, অসম আন্দোলনো হৈছিল বাংলাদেশী খেদিবলৈ৷ কিন্তু বাংলাদেশী থাকি গ’ল৷ অসম আন্দোলনৰ নেতাবোৰহে মন্ত্ৰী হ’ল৷ আন্দোলনকাৰীৰ একো লাভ নহ’ল৷ সোণৰ অসমো নহ’ল, নেতাৰ সংসাৰহে সোণৰ হ’ল৷
তাৰ পিছতে আৰম্ভ হ’ল আলফাৰ আখ্যান৷ আলফায়ো বিহাৰী-মাৰোৱাৰীক খেদিলে৷ সংঘটিত হ’ল হত্যাকাণ্ড৷ কিন্তু অসমীয়াই কি পালে?
আলফাৰ বিদ্ৰোহৰ সময়ত অপাৰেশ্যন ৰাইন’-বজৰঙত অসমীয়াই পালে সেনাৰ অত্যাচাৰ৷ বহু অসমীয়া গাভৰুৰ সতীত্ব হানি হ’ল৷
সেনাই থলুৱা যুৱকক হত্যা কৰিলে৷ অসমত হ’ল গুপ্তহত্যা৷ তাৰ পিছতো অসম অসমীয়াৰ হৈ নাথাকিল৷
ঘাইপথৰ সৰহভাগ মাটি মাৰোৱাৰীয়ে কিনি পেলালে৷ অসমৰ থলুৱাৰ হাতৰ পৰা মাটিৰ অধিকাৰেই প্ৰায় গুচি গ’ল৷
সৌসিদিনাৰ CAA আন্দোলনৰ কথাই মনত পেলাওকচোন৷ আন্দোলন শেষ হ’বলৈহে পালে, জাকে জাকে আন্দোলনকাৰীয়ে বিজেপিত নামভৰ্তি কৰিলে৷ ৫ জনকৈ যুৱকৰ প্ৰাণহানি হ’ল, কিন্তু নেতাৰ লাভেই হ’ল৷
গতিকে ৰাইজ, তেজ দিম বুলি চিঞৰি নিদিব৷ তেজ দিলেও দেশৰ-দহৰ একো লাভ নহয়৷ লাভ হয় নেতাৰহে৷ একেৰে কথাবোৰ ভাবি চাব৷