গৌৰীপুৰীয়া গাভৰু নহয়, হাতী ধৰিবলৈ গৈ বিহু দেখি গৈছিল পদ্ম হাজৰিকাই৷ চতিয়াৰ অখণ্ড প্ৰতাপী বিধায়কে গোৱালপাৰাত হাতী ধৰিছিল৷ হাতী চিকাৰী বিধায়ক হাজৰিকাই গোৱালপাৰাৰ অৰণ্যত ঠিকেই ধৰিছিল হাতীটো৷ কিন্তু তাৰ পিছতে অভাৰড’জ ট্ৰেংকুলাইজৰ ফলত মৃত্যু হৈছিল হাতীটোৰ৷
সেয়াই কাল হৈ পৰিছিল পদ্ম হাজৰিকাৰ বাবে৷ লগতে কৰ্মদক্ষ বুলি থকা হাজৰিকাৰ সুনামৰো গজেন্দ্ৰ আখ্যানে সৰ্বনাশ কৰিছিল৷
আচলতে হাতী চিকাৰৰ পৰৱৰ্তী কাহিনী যে পৰিকল্পিত আছে সেয়া পলমকৈহে জানিছিল হাজৰিকাই৷
সেই অনুৰূপ ফান্দত এইবাৰ সোমাই পৰিছে চন্দ্ৰমোহন পাটোৱাৰী৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে পাটোৱাৰীদা বুলি সম্বোধন কৰা মন্ত্ৰীজন হাতীৰ বাবে নহয়, বাঘৰ বাবেহে তেওঁ ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছে৷
বিগত কিছুদিন ধৰি ৰাজনৈতিকভাৱে নিষ্ক্ৰিয় হৈ পৰা পাটোৱাৰীৰ বন বিভাগে ধৰিব পৰা নাছিল এটা বাঘ৷ কিন্তু ৪৫ দিন খাপ পিটি ধিঙত শেহতীয়াকৈ বাঘটো বন্দী কৰা হৈছিল৷
নগাঁৱৰ ধিঙত বিচৰণ কৰি ফুৰা বাঘটো বন বিভাগে ট্ৰেংকুলাইজ কৰিছিল৷ কিন্তু সংজ্ঞানাশক দৰৱৰ পৰিমাণ অধিক হ’ল৷ ফলত বাঘটো গুৱাহাটীলৈ অনাৰ পিছতে মৃত্যমুখত পৰিল৷
এই বিষয়টোৱেই পাটোৱাৰীৰ বাবে হৈ পৰিছে বিপজ্জনক৷ কিন্তু কেৱল তেওঁৰ ভুলৰ ফলতে বাঘটো মৰিল বুলিও বিয়পাই দিয়া হৈছে খবৰ৷
ঘটনাৱলীয়ে নিশ্চিত কৰিছে, পূজাৰ আগতেই মন্ত্ৰীপদ যাব পাটোৱাৰীৰ৷ হাতী মৰাৰ ফলত পদ্ম যেনেদৰে মন্ত্ৰী হ’ব নোৱাৰিলে, একেদৰে পাটোৱাৰীও বিধায়কলৈ অৱনমিত হ’ব৷
অৰ্থাৎ সৰ্বশেষত বাঘৰ মুখত পৰিল পাটোৱাৰী৷