চেলেইঞ্জ এচেপ্টেড!
সচৰাচৰ হিন্দী চিনেমাৰ ডাইলগফাকি এইবাৰ কৈছে শৃংখল চলিহাই৷ কংগ্ৰেছী বিধায়ক আব্দুল ৰহিম মণ্ডলৰ কথাৰ উত্তৰ দি চেলেইঞ্জ গ্ৰহণ কৰিছে শৃংখলে৷
ৰমু চলিহাৰ পুত্ৰ শৃংখলৰ কথা হৈছে সাদিনৰ ভিতৰত উজনি অসম মিঞামুক্ত হ’ব লাগিব৷ গুৱাহাটীৰ পৰা মিঞা ক্লীন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই উজনিৰ ল’ৰা মাতিছিল৷ তাতকৈ এখোপ আগবাঢ়ি শৃংখলে মিঞাৰ উজনি ত্যাগৰ বাবে ডেডলাইনেই বান্ধি দিছে৷
তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিঞা ক্লীন কৰিব নোৱাৰিলে৷ উজনিৰ ল’ৰাও ওলাই নগ’ল, মিঞাও গুৱাহাটীতে থাকি গ’ল৷
এতিয়া কিন্তু শৃংখলে ডেডলাইন বান্ধি দিয়াৰ পিছত উজনিৰ সংগঠন হাতে-কামে লাগিছে৷ টাই-আহোম ছাত্ৰ সন্থাই মিঞা ভাৰাতীয়াক আঁতৰাবলৈ ঘৰৰ মালিককো ডেডলাইন দিছে৷
আব্দুল ৰহিম মণ্ডলৰ চেলেইঞ্জ স্বীকাৰ কৰি মিঞা খেদিবলৈ সংগঠনসমূহে মাৰ বান্ধিছে৷ শেনৰ এজাত হৈ মিঞা বিচাৰি ফুৰিছে আহোম সংগঠনে৷ মিঞা বিচাৰি পালেই ডেডলাইন বান্ধি দিছে তেওঁলোকে৷
কিন্তু এইবাৰ পূৰ্বতকৈ অধিক কঠিন যুঁজত অৱৰ্তীণ হৈছে শৃংখল৷ হিমন্ত বিশ্ব শৰ্মাই নোৱাৰা কামটো কৰিবলৈ কঁকালত টঙালি বান্ধিছে৷ দেখা যাওক, হিমন্ত বিশ্ব শৰ্মাই নোৱাৰা কামটো শৃংখলে কেনেকৈ কৰে!