হিন্দু শিক্ষয়িত্ৰীক গছত বান্ধি থৈ দিলে ছাত্ৰীয়ে৷ পদত্যাগৰ বাবে সৈমান নোহোৱাৰ ফলশ্ৰুতিত প্ৰধান শিক্ষয়িত্ৰীক শাস্তি দিলে নিজৰেই শিক্ষাৰ্থীয়ে৷ এই ঘটনা সংঘটিত হৈছে বাংলাদেশত৷ হিন্দুৰ বাবে বধ্যভূমি হৈ পৰা বাংলাদেশত সংখ্যালঘু নিৰ্যাতন হৈ পৰিছে সাধাৰণ কথা৷
প্ৰাপ্ত তথ্য অনুসৰি ঢাকাৰ আজিমপুৰ গৱৰ্নমেন্ট বালিকা স্কুল আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে চৰকাৰী নীতি অনুসৰি কাৰ্যনিৰ্বাহ কৰি আছিল গীতাঞ্জলি বড়ুয়াই৷ বাংলাদেশৰ অন্যতম জনাজাত শিক্ষয়িত্ৰীগৰাকীয়ে সমস্যা অবিহনে শিক্ষানুষ্ঠান পৰিচালনা কৰিছিল৷
কিন্তু শেহতীয়াকৈ মৌলবাদীৰ উত্থানৰ পিছত পৰিস্থিতি বিপজ্জনক হৈ পৰিল৷ আজিমপুৰ বালিকা স্কুল আৰু কলেজৰ পৰা পদত্যাগ কৰিবললৈ গীতাঞ্জলিক দুৰ্বৃত্তই হুমকি দিলে৷
মৌলবাদীৰ ভাবুকিৰ পিছতো ইস্তফা দিয়া নাছিল শিক্ষয়িত্ৰীগৰাকীয়ে৷ কিন্তু মতত অটল হৈ থাকি অপমানিত আৰু নিৰ্যাতিত হ’ল গীতাঞ্জলি৷ বিদ্যালয়ৰে শিক্ষাৰ্থীয়ে মৌলবাদীৰ পক্ষ গ্ৰহণ কৰিলে৷ পদত্যাগ নকৰাৰ বাবে স্কুলৰ এডাল গছত বান্ধি থৈ দিলে গীতাঞ্জলিক৷
পিছত সেনাইহে তেওঁক উদ্ধাৰ কৰিলে৷ ঐতিহ্যপূৰ্ণ বংশৰ কন্যা গীতাঞ্জলিৰ দেউতাক প্রফেছৰ ৰবীন্দ্র বিজয় বড়ুৱা ঢাকা বিশ্ববিদ্যালয়ৰ পালি বিভাগৰ মুৰব্বী অধ্যাপক আছিল। তেওঁৰ মাতৃ সুনন্দা বড়ুৱাও আছিল শিক্ষয়িত্ৰী৷ তাৰ পিছতো হিন্দু হোৱা বাবেই গীতাঞ্জলি সন্মুখীন হ’ল নিৰ্যাতনৰ৷