ওচৰৰ পৰা পোৱা মানুহবোৰে জানে, ৰকিবুল হুছেইন মহাকৃপণ৷ ৰকিবুল হুছেইনৰ কৃপণালীৰ নাম আছে৷ তেওঁৰ আছে একাধিক বদ অভ্যাস৷ কিন্তু ইমানৰ পিছতো ৰকিবুলৰ এটা কথা সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব৷
দীৰ্ঘদিনে অসমৰ ৰাজনীতিত আছে যদিও ৰকিবুলে কেতিয়াও মুছলমানৰ নামত ভোটভিক্ষা কৰা নাই৷ নিজকে মুছলমানৰ প্ৰতিনিধি বুলিও কোনোদিনে দাবী কৰা নাই ৰকিবুলে৷ নগাঁৱত তেওঁৰ বিৰুদ্ধে আছে নানানটা অভিযোগ৷ কিন্তু অসমৰ সামগ্ৰিক ৰাজনৈতিক পৰিৱেশত ৰকিবুল মুছলমান প্ৰতিনিধিৰ বিপৰীতে কংগ্ৰেছীহে হৈ আছে৷
সেই ৰকিবুলেই এইবাৰ হৰুৱাইছে ধৰ্মীয় সংখ্যালঘুৰ ৰাজনীতিৰ খনিকৰ বদৰুদ্দিন আজমলক৷ কিন্তু আজমলৰ দৰে সৰৱতাৰে নিজৰ ধৰ্মনিৰপেক্ষ পৰিচয় হেৰুৱাবও বিচৰা নাই ৰকিবুলে৷
ভৱিষ্যতে যাতে অসমৰ ৰাজনীতিত মুছলমান নেতা হিচাপেই চিনাকি দিবলগীয়া নহয়, তাৰ বাবে ৰকিবুলে কমফ’ৰ্ট জ’নতে থাকিবলৈ বিচাৰিছে৷
এতিয়া সেয়ে ৰাজনৈতিক বিষয়ত ৰহস্যজনকভাৱে নীৰৱ হৈ আছে ৰকিবুল৷ কাৰণ তেওঁ আজমলৰ দৰে কৰিবলৈ বিচৰা নাই সংখ্যালঘুৰ ৰাজনীতি৷ নিজৰ ধৰ্মনিৰপেক্ষ কংগ্ৰেছীৰ পৰিচয় জীয়াই ৰাখিবলৈ নীৰৱতাকে শ্ৰেয় বুলি বিবেচনা কৰিছে কৃপণ ৰকিয়ে৷
৫ বছৰৰ বাবে দিল্লীলৈ গ’লেও ৰকিবুলৰ অসমলৈ পুনৰ উভতি অহাৰ ইচ্ছা আছে৷ সেয়ে বিবাদহীনভাৱেই সাংসদৰ কাৰ্যকাল সামৰিবলৈয়েই মন বান্ধি লৈছে ৰকিয়ে৷