য’তে ত’তে মুখ্যমন্ত্ৰীক সেৱা কৰিয়েই আছে কমলাক্ষ দেৱ পুৰকায়স্থই৷ উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়কে পক্ষ সলনি কৰাৰ পিছত ৰাস্তাই ঘাটেও মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ গ্ৰহণ কৰিছে৷ কিন্তু মিছন ৰঞ্জন দাসক দিল্লীলৈ প্ৰেৰণ কৰি বিজেপিয়ে পথ মুকলি কৰি দিয়াৰ ফলত কমলাক্ষ সাজু হৈছে নতুন ৰাজনৈতিক ইনিংছৰ বাবে৷
১৯৯১ চনৰ পৰা চাৰিবাৰ উত্তৰ কৰিমগঞ্জক প্ৰতিনিধিত্ব কৰা মিছন ৰঞ্জন দাস আছিল বৰাক উপত্যকাত কমলাক্ষৰ শক্তিশালী প্ৰতিদ্বন্দ্বী৷ কিন্তু মিছন ৰঞ্জনৰ দিল্লীযাত্ৰা নিশ্চিত হৈছে যদিও কমলাক্ষ এতিয়া বিপাঙত পৰিছে৷
কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত তেওঁৰ বাবে জটিল হৈ পৰিছে উত্তৰ কৰিমগঞ্জ৷ সমষ্টিটোত নতুনকৈ এইবাৰ ৫০ হাজাৰোধিক মুছলমান ভোটাৰ অন্তৰ্ভুক্ত হৈছে৷
গতিকে অহা নিৰ্বাচনত কমলাক্ষই কাটলিচেৰাৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে তেওঁক দিছে টিকটৰ নিশ্চিতি৷
কিন্তু মিছন ৰঞ্জন দাস দিল্লীলৈ যোৱাৰ পিছত কমলাক্ষই আনুষ্ঠানিকভাৱে বিজেপিত যোগদানৰো প্ৰকাশ কৰিছে ইচ্ছা৷ যদি সম্ভৱ হয় তেন্তে তেওঁ কিছুদিনৰ ভিতৰতে বাজপেয়ী ভৱনত শৰণ লোৱাৰো সম্ভাৱনা আছে৷ কিন্তু তাৰ বাবে এতিয়াও নিশ্চিতি দিয়া নাই বাজপেয়ী ভৱনে৷