BJPয়ে গুৰুত্বই নিদিলে নীতিশ কুমাৰক

শুভক্ষণত বিজেপিৰ সংগ ত্যাগ কৰিব নীতিশ কুমাৰে৷ যিকোনো সময়তে JDUএ ত্যাগ কৰিব পাৰে NDA৷ বিজেপিৰ গৰু-গোঁসাই নমনা স্বভাৱৰ বাবে আকৌ মন সলনি হৈছে পাল্টুৰাম নীতিশ কুমাৰৰ৷ সেয়ে তেওঁ পুনৰ মিত্ৰতা ভংগ কৰাৰ ইংগিত দিছে৷ বিহাৰৰ বিধানসভা নিৰ্বাচনলৈ সাজু হোৱাৰ মানস কৰি নীতিশে মনস্থ কৰিছে চৰম সিদ্ধান্ত গ্ৰহণৰ৷
বিশেষকৈ বিহাৰৰ দুটা ৰাজ্যসভাৰ সাংসদ পদৰ নিৰ্বাচনকলৈয়ে সৃষ্টি হৈছে জটিলতাৰ৷ এইবাৰ খালী হোৱা দুটা পদৰ এটাত দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ বিচাৰিছিল নীতিশে৷ কিন্তু বিজেপিয়ে এই সুবিধা নিদিলে৷
এটা পদত বিজেপিয়ে টিকট দিলে উপেন্দ্ৰ সিং কুশৱাহাক৷ আনটোত সহযোগী দলৰ মন্নত সিঙক টিকট দিয়া হ’ল৷ নীতিশক গুৰুত্বই নিদিলে বিজেপিয়ে৷ শক্তিশালী নেতাজনক ৰাজনৈতিকভাৱে গুৰুত্বহীন কৰি পেলোৱা হ’ল৷
এই অপমান সহিব পৰা নাই নীতিশে৷ সেয়ে আকৌ সংগী সলনি কৰি বিধানসভা নিৰ্বাচন খেলিবলৈ নীতিশে মনস্থ কৰিছে৷
দলীয় কেডাৰসকলক বিহাৰৰ ১৪০ বিধানসভা সমষ্টিতে নিৰ্বাচনৰ বাবে সাজু হোৱাৰ আহ্বান জনাইছে নীতিশে৷
আনহাতে বিহাৰৰ বিধানসভা নিৰ্বাচনতে আছে প্ৰায় ১৪ মাহ৷ গতিকে নীতিশৰ ঘোষণা বিজেপিৰ বাবে হৈ পৰিছে বিপজ্জনক৷
শেহতীয়াকৈ নীতিশে নিটি আয়োগৰ বৈঠকো বৰ্জন কৰি বিসম্বাদৰে ইংগিত দিছিল৷ এতিয়া তেওঁ আকৌ ধাৰণ কৰিছে ৰণচণ্ডী ৰূপ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email