পাখি কাটিলে কিয় মন্ত্ৰীৰ

মন কৰিবচোন, হঠাতে চুপ হৈ গ’ল জয়ন্ত মল্লবৰুৱা|
পূৰ্বৰ দাদা বিগ্ৰেডৰ অন্যতম সদস্যজন আকস্মিকভাৱে হৈ পৰিল নীৰৱ৷ পূৰ্বে কথাইপতি সকলোকে ফেপেৰি পাতি ধৰা জয়ন্ত মল্লৰ সম্প্ৰতি নোলোৱা হ’ল মুখৰ মাত৷
হকে-বিহকে কথা কোৱা জয়ন্ত মল্লৰ বাবেই লোকসভা নিৰ্বাচনত বিজেপিৰ লঘু-লাঞ্জনা হোৱা বুলি অভিহিত কৰিছিল মঋণাল শইকীয়াই৷ জয়ন্ত মল্লক ৰাজহুৱাকৈ ককৰ্থনাও কৰিছিল মৃণালে৷
তাৰ পিছতো কিন্তু ৰাজ্যৰ অন্যতম ক্ষমতাধৰ মন্ত্ৰীজনৰ জিভাৰ চোক কমা নাছিল৷ পিছে হঠাতে কৈ হৈ গ’ল সেয়া কোনেও নাজানিলে৷ কিন্তু মুখৰ মাতেই নোহোৱা হ’ল জয়ন্তৰ৷
বিগত সময়ত অসমৰ বুধবৰীয়া কেবিনেটৰ সকলো সিদ্ধান্ত সংবাদমেলত প্ৰকাশ কৰিছিল মন্ত্ৰীজনে৷ চৰকাৰৰ মুখপাত্ৰ হিচাপে বৰুৱাই সদৰী কৰিছিল কেবিনেট প্ৰস্তাৱ৷
কিন্তু শেহতীয়াকৈ নিজেই কেবিনেট প্ৰস্তাৱ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ জয়ন্ত মল্লবৰুৱাক সংবাদমেল সম্বোধনৰো অধিকাৰ দিয়া হোৱা নাই৷
মুখ্যমন্ত্ৰীৰ ভাতৃতুল্য হিচাপে পৰিচিত জয়ন্ত মল্ল ক্ৰমে যেন হৈ পৰিছে অৱহেলিত৷ নলগা জেঙত লাগি লোৱাৰ অভ্যাস থকা মন্ত্ৰীজনে হেৰুৱাইছে যেন পূৰ্বৰ ক্ষমতা৷ ক’ৰবাত লাগিছে আউল৷ যাৰ বাবে জয়ন্ত মল্ল কেমেৰাৰ সন্মুখৰ পৰাও আঁতৰি গৈছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email