তেজপুৰত ওলায়েই আছে বিষাক্ত সাপ৷ সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে ধৰিছে ৰাছেল ভাইপাৰ সাপ৷ বিষাক্ত সাপবিধৰ প্ৰজননস্থলী হৈ পৰিছে তেজপুৰ৷ বাৰম্বাৰ ঘৰৰ ভিতৰত ওলাইছে বিষাক্ত সাপবিধ৷
শেহতীয়াকৈ তেজপুৰৰ বিহগুৰিতে ওলাইছে ৰাছেল ভাইপাৰ৷ অঞ্চলটোৰ ৰঙামাটি খেলপথাৰৰ সেনা ছাউনীৰ কাষতে সাপডালে বিচৰণ কৰিছিল৷ তাৰ পৰাই সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে সাপডাল উদ্ধাৰ কৰে৷
একেটা এলেকাতে ৰাছেল ভাইপাৰ বাৰম্বাৰ উদ্ধাৰ হৈ থকাটো বংশবৃদ্ধিৰ চিন হিচাপেই পৰিগণিত হৈছে৷ আনহাতে শোণিতপুৰত শেহতীয়াকৈ উদ্ধাৰ হোৱা ৰাছেল ভাইপাৰ হৈছে পোৱালি৷ অৰ্থাৎ বৰ্তমান যে সাপডালে অঞ্চলটোত বংশবৃদ্ধি কৰিছে সেয়াও নিশ্চিত হৈছে৷
বৰ্তমান পথাৰত পানী থকাৰ বাবে জনাঞ্চলত সাপডালে প্ৰৱেশ কৰিছে৷ বিশেষকৈ শুকান এলেকাতহে থকা ৰাছেল ভাইপাৰ সোমাইছে গঞাৰ বাৰীত৷
গতিকে তেজপুৰৰ বিস্তীৰ্ণ এলেকাত ৰাছেল ভাইপাৰ থকাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷ বিশেষকৈ বিহগুৰি ৰাছেল ভাইপাৰৰ হটস্পট হৈ পৰিছে বুলি নিশ্চিত কৰিছে সৰ্প বিশেষজ্ঞই৷
পূৰ্বে কাহানিও অসমত নেদেখা সাপডাল এতিয়া হৈ পৰিছে সন্ত্ৰাসৰ কাৰণ৷ কিন্তু বংশবৃদ্ধিৰ বাবে ৰাছেল ভাইপাৰ নিৰ্মূল কৰাও অসম্ভৱ হৈ পৰিছে৷ অৱশ্যে সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ চুপাৰিশত উদ্ধাৰ হোৱা ৰাছেল ভাইপাৰ প্ৰেৰণ কৰা হৈছে চিৰিয়াখানালৈ৷