প্ৰবঞ্চনাৰ ঘটনা ঘটিলেহে জানিব পাৰি, আচলতে অসমৰ মানুহৰ টকা-পইচাৰ অভাৱ নাই! এনেয়ে জানিব নোৱাৰি, কিন্তু কোনোবা চিট ফাণ্ডে অসম এৰি পলালে জানিব পাৰি আমাৰে মানুহবোৰ কিমান ধনী৷
সচৰাচৰ জাতিটোক দুখীয়া বুলি দহে কয়৷ কিন্তু শেহতীয়াকৈ সংঘটিত একাধিক ঘটনাৰ পিছত যেন প্ৰতিপন্ন হৈছে- অসমীয়াৰ পইচা আছে!
মাত্ৰ কিছুদিনৰ পূৰ্বে YBY নামৰ এটা ট্ৰেডিং এপে অসমৰ হাজাৰোধিক লোকৰ পইচা কাঢ়ি পলায়ন কৰিছিল৷ এগুণ পইচা নিমিষতে দুগুণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি পলাইছিল YBY৷
তাৰ পিছত DB কনছালটেন্সী নামৰ সংস্থাটোক লৈয়ো এতিয়া হাহাকাৰ লাগিছে৷ দীপাংকৰ বৰ্মন নামৰ ঠগটোৱে হৰলুকি কৰিছে কমেও ৭ হাজাৰ কোটি টকা৷ কোটিৰ ঘৰত টকা হেৰুৱাইছে DB কনছালটেন্সীৰ গ্ৰাহকে৷
এয়া হৈছে অসমৰ ৰাইজৰ পইচা খাই প্ৰবঞ্চকৰ পলায়নৰ মাত্ৰ দুটা আখ্যানহে৷ তাৰ আগতেও বাৰম্বাৰ ঘটিছে অনুৰূপ ঘটনা৷ এনিশাতে ডাবল পইচা পোৱাৰ মৰখঁকে অসমীয়াক প্ৰায়ে কৰিছে সৰ্বস্বান্ত৷
কেৱল এই বছৰটোতেই ব্লেকষ্ট’নৰ দৰে এপে কোটি কোটি টকা লৈ অসমৰ পৰা পলাইছে৷ মুঠ যিমান টকা অসমৰ পৰা ওলাই গৈছে, সিমান টকাৰে অলিম্পিকৰ আয়োজনেই কৰিব পাৰিলেহেঁতেন অসমে৷
গতিকে ভাবক, আমি অসমীয়া নহও দুখীয়া৷ ব্যৱসায় কৰিবলৈ অসমীয়াৰ পইচা নাথাকিব পাৰে৷ ঠগ খাবলৈ কিন্তু পইচাৰ অভাৱ নাই৷