কোন বেছি ধুনীয়া

অসমৰ কমলা পছন্দ নহয়, আমি ক’বলৈ ওলাইছো বিদেশৰ কমলাৰ কথাহে৷ গুটখা কমলা পছন্দও নহয়, সুদূৰ আমেৰিকাৰ কমলা পছন্দৰ কথাহে ক’বলৈ ওলাইছোঁ৷
প্ৰথমে দুৰ্বল আছিল যদিও সম্প্ৰতি শক্তিশালী ৰূপত অৱৰ্তীণ হৈছে কমলা হেৰিছ৷ আমেৰিকাত কমলাক পছন্দ কৰিছে ৰাইজে৷ এতেকে বহুখিনি প্ৰশস্ত হৈছে ভাৰতীয় মূলৰ কমলা হেৰিছৰ বিজয়ৰ পথ৷ তামিলনাডুৰ পৰা আমেৰিকালৈ প্ৰব্ৰজন কৰা ডাঃ শ্যামলা গোপালন হেৰিছৰ কন্যা কমলা হেৰিছেই হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভাবী ৰাষ্ট্ৰপতি৷
জ’ বাইডেনৰ ডেপুটী হিচাপে কাৰ্যনিৰ্বাহ কৰা কমলা হেৰিছক লৈ বিতৰ্ক আৰম্ভ কৰিছে প্ৰতিদ্বন্দ্বী ড’নাল্ড ট্ৰাম্পে৷ ৰাজহুৱা বিতৰ্কত ট্ৰাম্পে দাবী কৰিছে- তেওঁ কমলা হেৰিছতকৈ ধুনীয়া৷ তদুপৰি কমলা হেৰিছ নকল কৃষ্ণাংগ বুলি দাবী কৰিছে ট্ৰাম্পে৷
কিন্তু সকলো বাধা অতিক্ৰমী লক্ষ্যৰ দিশে আগুৱাই গৈছে কমলা হেৰিছ৷ সপ্ৰতীভ নেতৃত্বৰে কমলাই ৰাইজৰ সমাদৰ লাভ কৰিছে৷ ডেম’ক্ৰেটিক নেশ্যনেল কনভেনশ্যনতো আগস্থান লাভ কৰিছে কমলাই৷
গতিকে গুলীখোৱা ট্ৰাম্পক চেৰ পেলাবলৈ সক্ষম হৈছে কমলা হেৰিছ৷ কাণত গুলী লগাৰ পিছত ৰাইজৰ সহানুভূতি লাভ কৰা ট্ৰাম্পে অনৰ্থক কথাৰ বাবে ৰাইজৰ হজম কৰিছে গালি৷ কিন্তু গাম্ভীৰ্যপূৰ্ণ কথাৰে আগবাঢ়িছে কমলা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email