আৱেগৰ বেপাৰী অসমৰ গায়ক

আৱেগৰ বেপাৰ কৰি ধন ঘটা মানুহৰ অসমখনত অভাৱ নাই৷ কাৰোবাৰ বুকু খালী হৈ থকাৰ সময়তো তেওঁলোকৰ অনুভূতি নাই৷ কিন্তু আৱেগৰ সুযোগ ধন ঘটিবৰ বাবে সেই চামটোৱে কুণ্ঠাবোধ নকৰে৷
খ্যাতনামা কণ্ঠশিল্পী ৰমেন বৰুৱা নিখোজ হোৱাৰ এমাহ হ’ল৷ লতাশিলৰ বিখ্যাত ঘৰটোৰ পৰা তেওঁ ওলাই যোৱাৰ পিছত এতিয়ালৈ নাই সন্ধান৷
ব্ৰহ্মপুত্ৰৰ পাৰতে ৰমেন বৰুৱাৰ যাত্ৰা সমাপ্ত হৈছে বুলি আৰক্ষীয়ে ধাৰণা কৰিছে৷ কিন্তু ৰমেন বৰুৱাই কিয় অজ্ঞাতবাস বাছি ল’লে সেই বিষয়ে ওলাইছে একাধিক সম্ভেদ৷
তথাপি এতিয়ালৈ সন্ধান নাই ৰমেন বৰুৱাৰ৷ পিছে এতিয়া আকৌ ৰমেন বৰুৱাৰ নামত ব্যৱসায়ী আৰম্ভ কৰিছে গায়কে৷
শিল্পীজন নিখোজ হোৱাৰ কথা ৰাইজে পাহৰা নাই, গতিকে আৰম্ভ কৰিছে আৱেগৰ বেপাৰ৷ সম্প্ৰতি অসমৰ এজন শিল্পীয়ে ৰমেন বৰুৱাক সুঁৱৰি লিখা গীত ইউটিউবত মুকলি কৰিছে৷
ৰমেন বৰুৱাৰ বৰ্ণনাৰে ৰচনা কৰা আৰু সুৰ দিয়া গীতটোৰ বিষয়ে চলোৱা হৈছে প্ৰচাৰ৷ স্বাভাৱিকতে গায়কজনৰ আচৰণত হতভম্ব হৈছে বহু লোক৷ ব্যৱসায়ৰ নামতে এজন গায়ক কিমান তললৈ নামিব পাৰে তাকলৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷
কিন্তু ইমানৰ পিছতো সংযত হোৱা নাই বিশেষ গায়কজন৷ এতিয়াও তেওঁ চলাইছে নিজৰ গীতৰ প্ৰচাৰ৷ গুৰুকে ব্যৱসায়ৰ আহিলা কৰি লৈ ঘটিছে ধন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email