অলিম্পিকৰ বাবে কিমান খৰচ

চৰকাৰে এইবেলি অলিম্পিকৰ বাবে খৰচ কৰিছিল ৪৭৮ কোটি টকা৷ খেলুৱৈসকলৰ প্ৰশিক্ষণৰ বাবে আৰম্ভ কৰা হৈছিল টাৰ্গেট অলিম্পিক প’ডিয়াম শীৰ্ষক আঁচনিখন৷ এই আঁচনিৰ অধীনত দেশে-বিদেশে প্ৰশিক্ষণ দি খেলুৱৈক অলিম্পিকৰ বাবে সাজু কৰি তোলা হৈছিল৷ পূৰ্বৰ তুলনাত এইবাৰ চৰকাৰে খৰচ কৰিছিল অধিক পৰিমাণৰ ধন৷
কিন্তু সেই অনুসৰি প্ৰদৰ্শনত ব্যৰ্থ হ’ল এথলীট৷ পূৰ্বৰ তুলনাতো এইবাৰে প্ৰদৰ্শন হৈ পৰিল নিম্নগামী৷ বেডমিণ্টন আৰু বক্সিঙৰ দৰে ইভেণ্টতো খেলুৱৈয়ে পদক জয় কৰিব নোৱাৰিলে৷
সকলো যদি হিচাপ কৰা যায় তেন্তে এটা পদকৰ বাবে চৰকাৰে খৰচ কৰিলে ৭৮ কোটি টকা৷ ব্ৰঞ্জ অথবা ৰূপ প্ৰতিটো পদকৰ দাম পৰিল ৭৮ কোটি টকাকৈ৷
এইবাৰ টেনিছৰ বাবেও টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিৰ অধীনত মোকলাই দিয়া হৈছিল বৃহৎ পৰিমাণৰ ধন৷ একেদৰে স্প্ৰীণ্ট ইভেণ্টৰ খেলুৱৈক বিদেশতো প্ৰশিক্ষণ গ্ৰহণৰ সুযোগ দিয়া হৈছিল৷ কিন্তু খেলুৱৈসকলে প্ৰত্যাশা পূৰণ কৰিব নোৱাৰিলে৷
ক্ৰীড়াগত কাৰণতে খেলুৱৈসকল বিফল হ’ল৷ কিন্তু এটা কথা ক’বই লাগিব, চৰকাৰে পূৰ্বৰ তুলনাত খৰচ কৰিছে অধিক পৰিমাণৰ ধন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email