ব্ৰইলাৰৰ গাড়ীৰ পৰাই এনিশাতে কালেকশ্যন কৰা হয় কোটি টকা৷ আমি প্ৰতিকেজিত ৩৮০ টকা দৰত কিনি খোৱা ব্ৰইলাৰ মু্ৰ্গী কঢ়িওৱা প্ৰতিখন গাড়ীয়ে শ্ৰীৰামপুৰ গে’টত দিয়ে কমেও ১৫ হাজাৰ টকা৷ সেইদৰে শ্ৰীৰামপুৰ গে’টত সকলো বস্তু কঢ়িওৱা ট্ৰাকৰ আছে সুকীয়া ৰেট৷
শ্ৰীৰামপুৰ গে’টৰ কালেকশ্যন পাৰ্টীৰ নেতৃত্ব দি আছে প্ৰমোদ বড়োৱে৷ পিছে বিটিচি চীফ প্ৰমোদে গমেই পোৱা নাই যে- কালেকশ্যনৰ নেতৃত্ব দি তেওঁ নিজেও পৰিণত হৈছে ৰাজনৈতিক ব্ৰইলাৰত৷
এতিয়া সামগ্ৰীৰ জুইছাই দামৰ সময়ত সৰ্বত্ৰ প্ৰচাৰিত হৈছে শ্ৰীৰামপুৰ গে’টৰ অনৈতিকতাৰ আখ্যান৷ কেৱল প্ৰমোদ বড়োৰ বাবেই যে বজাৰত জুই লাগিছে সেয়া প্ৰচাৰিত হৈছে৷
গতিকে প্ৰমোদ পৰিণত হৈছে ভিলেইনত৷ সাধাৰণ লোকে প্ৰমোদৰ বাবেই অসমৰ বজাৰত জুই জ্বলা বুলি নিশ্চিত হৈছে৷ পিছে পাপৰ ধনৰ ভাগ অকলেই ভোগ কৰা নাই নেতাজনে৷ প্ৰমোদে শ্ৰীৰামপুৰ গে’টত কালেকশ্যন কৰা ধন বিভিন্ন চেনেলেৰে কেবাটাও স্থানলৈ গৈছে৷
কিন্তু কালেকশ্যন গেঙৰ চৰ্দাৰ হিচাপে নাম বিয়পি পৰিছে প্ৰমোদৰ৷ ৰাজনৈতিক জীৱনত শ্ৰীৰামপুৰ গে’টেই কলংকিত কৰিছে প্ৰমোদক৷ যেন শ্ৰীৰামপুৰ গেটতে লাগি ধৰিছে প্ৰমোদ বড়োৰ ৰাজনৈতিক জীৱন৷
অজ্ঞাত শক্তিয়ে যে ব্যৱহাৰ কৰিছে সেই কথা জানিও নজনাৰ দৰে হৈছে প্ৰমোদ বড়ো৷ ধনৰ খঁকত তেওঁ পাহৰি পেলাইছে কলংকৰ কথা৷