নৃত্যৰ প্ৰতিযোগিতাত যে পুৰস্কাৰ নাপাই ঠেঁহ পতা শিশুক বিচাৰকে নিচুকণি পুৰস্কাৰ দিয়ে, তেনেদৰেই মিছন ৰঞ্জন দাসক দিয়া হ’ল ৰাজ্যসভাৰ টিকট৷ অসমত বিজেপিৰ নাম-গোন্ধ নথকাৰ সময়তো ২০ বছৰ বিধায়ক হৈ থকা দাসক দিয়া হ’ল এবছৰীয়া সাংসদৰ পদ৷ সৰ্বানন্দ সোণোৱালৰ ঠাইত সাংসদ হ’বলৈ ওলোৱা দাসৰ কাৰ্যকাল হ’ব মাত্ৰ এবছৰৰ৷
কিন্তু মিছন ৰঞ্জন দাসক নিচুকণি বঁটা দিয়াৰ বাবেও বিজেপিৰ একাংশ নেতাই বেয়া পাইছে৷ বিশেষকৈ ৰুষ্ট হৈ পৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন৷ দাসৰ দৰেই বিজেপিৰ দুৰ্দিনত বিধায়ক হৈ থকা ফুকন হৈ পৰিছে বিতুষ্ট৷
দৰাচলতে প্ৰশান্ত ফুকনৰ ৰাজনৈতিক কেৰিয়াৰ কলংকিত কৰা অন্যতম মানুহজনেই আছিল মিছন ৰঞ্জন দাস৷ ১০ বছৰ পূৰ্বে ৰাজ্যসভা নিৰ্বাচনত ফুকনৰ বিৰুদ্ধে ক্ৰছ ভোটিঙৰ অভিযোগ উত্থাপিত হৈছিল৷ তেতিয়া ফুকনে মিত্ৰজোঁটৰ সলনি কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিয়া বুলি উঠিছিল অভিযোগ৷
কিন্তু ফুকনে অভিযোগ সত্য প্ৰমাণিত হ’লে আত্মজাহ দিব বুলি দাবী কৰিছিল৷ তথাপি বিজেপিয়ে অভিযোগৰ তদন্ত কৰিবলৈ কমিটী গঠন কৰিছিল৷ সেই কমিটীৰে অধ্যক্ষ আছিল মিছন ৰঞ্জন দাস৷
তেতিয়া দাসে প্ৰশান্ত ফুকনক দোষমুক্ত কৰাৰ থল আছিল৷ কিন্তু সেয়া নকৰি ফুকনক তেওঁ অপমানহে কৰিলে৷ তদন্ত কৰি ফুকনৰ কলংকমোচন নকৰিলে মিছন ৰঞ্জন দাসে৷
গতিকে তেতিয়াৰ পৰা দাসক দেখিবই নোৱাৰে প্ৰশান্ত ফুকনে৷ সেয়ে দাসৰ প্ৰাৰ্থিত্বৰ বাবে ফুকন হৈ পৰিছে নাৰাজ৷