সাৱধান, নহ’লে সৰ্বস্ব হেৰুৱাব

সাৱধান!
হোৱাটছএপ হেক কৰাৰ নতুন বুদ্ধি উলিয়াইছে হেকাৰে
আপোনাক লোভ দেখৱাই নিমিষতে হোৱাটছএপ নম্বৰটো হেকিঙৰ বাবে দুৰ্বৃত্তই অৱলম্বন কৰিছে নতুন উপায়৷ কিন্তু চৰকাৰী সাহায্যৰ লোভত পৰি নিমিষতে হেকাৰৰ কূটকৌশলৰ বলি হৈছে গ্ৰামাঞ্চলৰ লোক৷ PM-কিষাণ আঁচনিৰ পইচা দিয়াৰ লোভ দেখুৱাই গঞা ৰাইজক দুৰ্বৃত্তই ফান্দত পেলাইছে৷
কিছুদিনৰ পৰা বহু হোৱাটছএপ উপভোক্তাই লাভ কৰিছিল PM-কিষাণৰ মেছেজ৷ অজ্ঞাত নম্বৰটো PM-কিষাণৰ নম্বৰ বুলি হোৱাটছএপে বৰ্ণনা কৰিছিল৷
ফলত বহু উপভোক্তাই নিশ্চিন্তে মেছেজটো পঢ়িবলৈ যত্ন কৰে৷ কিন্তু মেছেজটো খোলাৰ পিছতে অচল হৈ পৰে উপভোক্তাৰ হোৱাটছএপ৷ বহুতৰে হোৱাটছএপ একাউণ্ট ব্লক হৈ যায়৷
কিন্তু ভাইৰাছৰ জৰিয়তে দুৰ্বৃত্তই হোৱাটছএপ হেক কৰা বুলি সন্দেহ ঘনীভূত হৈছে৷ এইদৰে অচল হৈ পৰাৰ পিছত হোৱাটছএপ নম্বৰ হেকাৰে অসৎ উদ্দেশ্যত ব্যৱহাৰ যে কৰিব সেয়াও খাটাং৷
গতিকে আগতীয়াকৈ সাৱধান হওক ৰাইজ৷ অন্যথা হোৱাটছএপেই সৰ্বনাশ কাৰণ হৈ পৰিব৷ হোৱাটছএপ নম্বৰৰ জৰিয়তে বেংক একাউণ্টটো সিন্ধি দিব হেকাৰে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email