চাকৰি এৰিবই লাগিব হিন্দুৱে

চলিছে হিন্দু ক্লিনিং অভিযান৷ মহম্মদ ইউনুছৰ শাসনকালত বাংলাদেশত অব্যাহত আছে হিন্দু নিধন৷ সমানে চাকৰিৰ পৰা হিন্দু চাকৰিয়ালক খেদিবলৈ উঠি-পৰি লাগিছে মৌলবাদী৷ কিছুদিনৰ ভিতৰত চাকৰি এৰিবলৈ বাধ্য কৰোৱা হৈছে ৬ হাজাৰোধিক লোকক৷ তেওঁলোকক অস্ত্ৰৰ ভয় দেখুৱাই পদত্যাগ-পত্ৰত চহী কৰিবলৈ বাধ্য কৰোৱা হৈছে৷
বাংলাদেশৰ সংখ্যালধু হিন্দুসকলৰ ভিতৰত কমেও লক্ষাধিক সম্প্ৰতি চৰকাৰী পদত নিয়োজিত হৈ আছে৷ বিশেষষকৈ কৰ্মদক্ষ হিচাপে কেবাটাও চৰকাৰী বিভাগে পূৰ্বে অগ্ৰাধিকাৰ দিছিল হিন্দুসকলক৷ পিছে এতিয়া পৰিস্থিতি সলনি হৈছে৷ বাংলাদেশ হিন্দুমুক্ত কৰিবলৈ চেষ্টা চলাইছে জেহাদীয়ে৷
কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মহম্মদ ইউনুছে হিন্দুৰ সুৰক্ষাৰ বাবে দিয়া আশ্বাসো অৰ্থহীন প্ৰমাণিত হৈছে৷ বাংলাদেশৰ চৌদিশে চলিয়েই আছে হিন্দুবিৰোধী সন্ত্ৰাস৷
আনকি বিশ্ববিদ্যালয়ৰ অধ্যাপককো পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ একেখন বিশ্ববিদ্যালয়ৰ ৬৭ হিন্দু শিক্ষকে এদিনতে ইস্তফা দিছে৷
তেওঁলোকক কেৱল পদত্যাগ পত্ৰত চহী কৰিবলৈহে নিৰ্দেশ দিছে মৌলবাদীয়ে৷ প্ৰাণৰ ভয়ত সেইসকল লোকে চাকৰি ত্যাগ কৰিছে৷
ইতিমধ্যে চাকৰিৰ পৰা ৬ হাজাৰোধিক হিন্দু লোকক আঁতৰ কৰা হৈছে৷ বাকীসকলকো পদত্যাগৰ নিৰ্দেশ দিছে মৌলবাদীয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email