কন্যাশিশুৰ লালন-পালনৰ বাবে কেন্দ্ৰীয় চৰকাৰে আঁচনি ঘোষণা ইতিপূৰ্বে কৰিছে৷ কিন্তু এতিয়া পৰিস্থিতি সলনি হ’ল, বেটীৰ পূৰ্বে চৰকাৰে মাতৃ বচাও আঁচনি ঘোষণা কৰাৰহে দৰকাৰ হৈছে৷
হয়, কথাষাৰ আমি মিছাকৈ কোৱা নাই
আপুনি ফে’চবুক স্ক্ৰ’ল কৰিবচোন, এফালৰ পৰা দেখিব বিচ্ছেদিত স্বামীৰ বিলাপ৷ পত্নীয়ে এৰি থৈ যোৱাৰ দুখত তেওঁলোকে অৰণ্যৰোদন কৰিছে৷ ফে’চবুক প’ষ্টত উল্লেখ কৰিছে ফোন নম্বৰ৷ পত্নীৰ ফটো এখনো প’ষ্টত সাঙুৰি দিছে৷ পলৰীয়া পত্নীক দেখিলেই খবৰ দিবলৈ সকলোকে অনুৰোধ জনাইছে স্বামীগণে৷
আচৰিত যদিও সত্য, বিগত কিছুদিনৰ পৰা অসমত বাঢ়িছে পত্নীৰ পলায়নৰ ঘটনা৷ বিভিন্ন সংবাদ মাধ্যমে পত্নীৰ পলায়নৰ ঘটনাক সস্তীয়া মনোৰঞ্জনৰ বাতৰি হিচাপে সম্প্ৰচাৰ কৰিছে৷ কিন্তু এনে ঘটনা ৰোধ হোৱা নাই৷
যোৱা এমাহতে অসমৰ ভিন্নপ্ৰান্তত স্বামীক এৰি ঘৰৰ পৰা নোহোৱা হৈছে ৪৬ গৰাকী মহিলা৷ ইয়াৰে ১৮ গৰাকীয়ে আকৌ লগতে লৈ গৈছে সন্তানক৷
কোনোবাই সন্তানক স্কুলত থ’বলৈ যাওতেই পলায়ন কৰিছে, কোনোবা ঘৰৰ সন্মুখৰ পৰা মটৰ চাইকেলত উঠি পলাইছে৷
কিয় বিবাহিত মহিলাৰ পৰকীয়া প্ৰেমৰ হাৰ বাঢ়িছে সেয়া বিশ্লেষণৰ বিষয়৷ কিন্তু এটা কথা খাটাং যে বেটীৰ পূৰ্বে চৰকাৰে সম্প্ৰতি মাতৃ বচোৱাৰ প্ৰয়োজন আহি পৰিছে৷