নিৰ্বাচনৰ সময়ৰ কথা৷ প্ৰাৰ্থী তেতিয়াও ঘোষণা হোৱা নাছিল৷ দিল্লীত হৈছিল বৈঠক৷ বিজেপিৰ সকলো নেতাও দিল্লীতে আছিল৷ কিন্তু সোণোৱাল বৈঠকলৈ যোৱা নাছিল৷
তেতিয়াই অমিত শ্বেহ ফোন কৰিলে সোণোৱাললৈ৷ প্ৰথমবাৰ কিন্তু সোণোৱালে ফোন ৰিচিভ নকৰিলে৷ পিছে দ্বিতীয়বাৰত ফোন ধৰিবলগীয়া হ’ল৷ তথাপি সোণোৱালে ক’লে-গা বেয়া, বৈঠকলৈ যাব নোৱাৰোঁ৷
সকলো খবৰ পাই আছিল নৰেন্দ্ৰ মোদীয়ে৷ গতিকে মোদীয়ে নিজে ফোন কৰিলে সোণোৱাললৈ৷ পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ ঘৰলৈ মোদীয়ে মাতি পঠিয়ালে সোণোৱালক৷
মোদী কথা পেলাব নোৱাৰিলে সোণোৱালে৷
কিন্তু সেইদিনা সোমোৱালক এটা বিশেষ কথা কৈছিল মোদীয়ে৷ প্ৰধানমন্ত্ৰীয়ে সোণোৱালৰ কান্ধত থৈ কৈছিল-ম্যে হু না…
সেইদিনাৰ বৈঠকত অসমৰ দায়িত্ব সোণোৱালকে দিছিল মোদীয়ে৷ কিন্তু চাওকচোন
ফলাফল যিয়েই নহওক কিয়, শৃংখল চলিহাৰ নেতৃত্বও একত্ৰিত হ’ল খিলঞ্জীয়া৷ আহ ঐ আহ, ওলাই আহ বুলি তিৰাশীৰ বিখ্যাত চিঞৰটোৰ দৰে শিৱসাগৰত উকি মাৰিলে শৃংখল চলিহাই৷
কিন্তু এটা কথা মন কৰিবচোন
সমস্ত ঘটনাক্ৰমত এষাৰো মাত নামাতিলে সৰ্বানন্দ সোণোৱালে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসমীয়াৰ ৰেনেছাঁৰ বিষয়ত অৱলম্বন কৰিলে ৰহস্যজনক নীৰৱতা৷
বিভাগীয় দায়িত্ব পালন কৰি তেওঁ বিদেশলৈ গ’ল৷ সেই হিচাপে সকলোবোৰ ঠিকেই আছে৷
কিন্তু খিলঞ্জীয়া ৰাজনীতিৰ প্ৰতিভূস্বৰূপ সোণোৱালৰ মৌনতা স্বাভাৱিকতে ৰহস্যজনক৷ যিজন সোণোৱালৰ মুখলৈ চায়েই অসমত বিজেপিক ৰাইজে বৰপীৰা পাৰি দিলে সেইজন নেতাই সম্প্ৰতি নীৰৱ৷
কিন্তু একেজন নেতাই বিগত সময়ত কান্দিছিল৷ মোক একাষৰীয়া নকৰিব ৰাইজ বুলি অৰণ্যৰোদন কৰিছিল সোণোৱালে৷
জাতিটোকে আই-পিতাই বুলিও কৈছিল সোণোৱালে৷ তাৰ পিছতো সোণোৱাল এইবাৰো নীৰৱে থাকিল৷ এষাৰো কথা নক’লে তেওঁ৷