চলিহাৰ নেতৃত্বত হোৱা অসমীয়াৰ নৱজাগৰণৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছে পৰেশ বৰুৱাই৷
কিন্তু…
অজ্ঞাত স্থানৰ পৰাই পৰেশ বৰুৱাই ধমকি দিছে হিন্দীভাষীক৷ পিছে পৰেশ বৰুৱাই বিশ্বাস নকৰে শৃংখ চলিহা নেতৃত্বাধীন বীৰ লাচিত সেনাক৷
কেৱল বীৰ লাচিত সেনাকে নহয়, অসমৰ কোনো জাতীয় সংগঠনকে পৰেশ বৰুৱাই আস্থাত নলয়৷
CAA আন্দোলনৰ সময়তে পৰেশ বৰুৱাই ব্যক্ত কৰিছিল আন্দোলনকাৰী সংগঠনৰ প্ৰতি নিজৰ অবিশ্বাস৷ চীফ অৱ আৰ্মী ষ্টাফ পৰেশ বৰুৱাৰ মতে জাতীয় সংগঠনসমূহ হৈছে কেৱল দিল্লীৰ ভেটো সংগঠন৷
পৰেশ বৰুৱাৰ মতে প্ৰতিবাদৰ নামত ৰাইজক বিভ্ৰান্ত কৰিবলৈ এদল সংগঠনক চৰকাৰে পোহপাল দিয়ে৷ যি জ্বলন্ত সমস্যা তল পেলাবলৈ কেৱল প্ৰতিবাদ কৰে৷
গতিকে শৃংখল চলিহাৰ বীৰ লাচিত সেনাকো বিশ্বাস নকৰে বুলি স্পষ্ট কৰি দিছিল পৰেশ বৰুৱাই৷ তথাপি পৰিৱৰ্তিত পৰিস্থিতিত শৃংখল চলিহাৰ প্ৰতি পৰেশ বৰুৱাই সমৰ্থন ঘোষশণা কৰিলে৷
তেওঁৰ ধমকতে শৃংখলৰ বিৰুদ্ধে ৰুজু কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল হিন্দীভাষী ব্যৱসায়ী৷ গতিকে পৰেশ বৰুৱাই প্ৰমাণ কৰিলে প্ৰাসংগিকতা৷