১১ বছৰীয়া কাৰ্যকালত প্ৰথমবাৰলৈ নতশিৰ হৈছে নৰেন্দ্ৰ মোদী৷ গুৰু গোঁসাই নমনাকৈ দেশ শাসন কৰা প্ৰধানমন্ত্ৰীয়ে কৰিছে পৰাজয় স্বীকাৰ৷ কিছুদিন পূৰ্বে ২৪টা বিভাগত ৪৫ বিষয়া নিযুক্তিৰ বিষয়ে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছে মোদী৷ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ প্ৰথমবাৰলৈ স্বীকাৰ কৰিছে পৰাজয়৷
কিছুদিন পূৰ্বে কেন্দ্ৰীয় সচিবালয়ত নিযুক্তিৰ বিষয়ে জাননী জাৰি কৰিছিল চৰকাৰে৷ উক্ত জাননী অনুসৰি বৃত্তিধাৰী IAS নহ’লেও ৪৫ জন লোকক সচিবালয়ত নিযুক্তিৰ ব্যৱস্থা কৰিছিল চৰকাৰে৷ ভিন্ন বিষয়ত পাৰদৰ্শী লোকসকলক সচিব পৰ্যায়ত নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰই৷
আমোলাতন্ত্ৰৰ বাহিৰৰ লোকক বিষয়া পদত নিয়োগৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ল৷ কিন্তু বিৰোধীৰ প্ৰতিবাদক পূৰ্বৰ দৰেই নস্যাৎ কৰিলে মোদীয়ে৷
পিছে এইবাৰ হেঁচাৰ সৃষ্টি হ’ল ভিতৰৰ পৰা৷ সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মানি ল’বলৈ অস্বীকাৰ কৰিলে মন্ত্ৰী চিৰাগ পাছোৱানে৷ বিহাৰী নেতাগৰাকীয়ে নৰেন্দ্ৰ মোদীৰ সিদ্ধান্তৰ প্ৰত্যক্ষ বিৰোধিতা কৰিলে৷
একেদৰে বিজেপিৰ মিত্ৰদল TDPৰ নেতা চন্দ্ৰবাবু নাইডুৱেও বিৰোধিতা কৰিলে সিদ্ধান্তৰ৷ তাৰ পিছতে পূৰ্বৰ জাননী খাৰিজ কৰিলে চৰকাৰে৷ সম্ভৱতঃ দীৰ্ঘ কাৰ্যকালত প্ৰথমবাৰলৈ নিজৰ সিদ্ধান্ত বাতিল কৰিলে মোদীয়ে৷
অভিযোগ অনুসৰি উক্ত সিদ্ধান্তৰ জৰিয়তে সচিবালয়ত উচ্চবৰ্ণৰ বিষয়া নিযুক্তিৰ পাং পাতিছিল চৰকাৰে৷ কিন্তু মিত্ৰদলৰ প্ৰতিবাদত সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰ বাধ্য হ’ল৷