গুটখাই কাঢ়িছে প্ৰজনন ক্ষমতা৷ অহৰহ গুটখা চোবাই থকাৰ অভ্যাসে অসমৰ পুৰুষকুলৰ পিতৃ হোৱাৰ ক্ষমতা হৰণ কৰিছে৷ একাধিক বিষাক্ত পদাৰ্থৰ সংমিশ্ৰণেৰে তৈয়াৰী গুটখা হৈ পৰিছে বৰবিহৰ দৰে৷ বিশেষজ্ঞ চিকিৎসকৰ মতে একমাত্ৰ গুটখা খোৱাৰ অভ্যাসৰ বাবেই বহু পুৰুষে হেৰুৱাইছে সন্তান জন্ম দিয়াৰ ক্ষমতা৷
পেলনীয়া তামোলৰ পৰা প্ৰস্তুত কৰা গুটখাত মিহলি কৰা হয় একাধিক ৰাসায়নিক পদাৰ্থ৷ সৰ্বোপৰি সংৰক্ষণৰ বাবে গুটখাত থাকে মানৱদেহৰ বাবে অপকাৰী দ্ৰব্য৷ এইসমূহে মানৱ শৰীৰৰ সৰ্বনাশ কৰে৷
গুটখা খোৱাৰ অভ্যাসৰ বাবেই শতকৰা ৬০ জন যুৱক নিবীৰ্য হৈ পৰিছে বুলি বিশেষজ্ঞই প্ৰকাশ কৰিছে৷ চিকিৎসকৰ মতে দীৰ্ঘদিনে গুটখা খোৱাৰ অভ্যাসৰ ফলত শৰীৰৰ কেবাঠাইতো সিৰা ব্লক হৈ পৰে৷ এনে পৰিস্থিতিত সন্তানৰ পিতৃ হোৱাটো হৈ পৰে অসম্ভৱ৷
চৰকাৰে আওপকীয়াকৈ গুটখা প্ৰচলনৰ অনুমতি দিয়াৰ ফলত গাঁৱে-ভূঞে উভৈনদী হৈ পৰিছে বৰবিহ৷ কিন্তু একেসময়তে সৰ্বত্ৰ বাঢ়িছে পিতৃত্বৰ ক্ষমতাহীন পুৰুষৰ সংখ্যা৷
চিকিৎসকে প্ৰকাশ কৰা অনুসৰি সকলো ধৰণৰ গুটখায়েই পুৰুষকুলৰ সন্তানহীনতাৰ কাৰণ হৈ পৰিছে৷ গতিকে এতিয়াই গুটখা বৰ্জন কৰাটোৱেই হ’ব মংগল৷