গুৱাহটীয়াই ভয় কৰে কাক?

গুৱাহাটীবাসীয়ে IEDলৈ ভয় নকৰে৷ বোমা-বাৰুদলৈ গুৱাহাটীৰ ৰাইজৰ মুঠেও ভয় নাই৷ পুলিচে জেওৰাৰে বোমা থকা পলিথিন দাঙিলেও ভয় নাখায় গুৱাহটীয়েই৷ কিন্তু সেইহেন সাহসী গুৱাহাটীৰ ৰাইজে এটা বস্তুলৈয়েই ভয় কৰে৷
বৰষুণ বুলি শুনিলেই উচপ খাই উঠে গুৱাহাটীবাসী৷ অন্যাৰ্থত বৰষুণেই হৈছে গুৱাহাটীৰ নতুন আলফা৷ আগতে আলফাৰ দিনত কাম-বন এৰি ঘৰতে সোমাই থাকিবলৈ বাধ্য হৈছিল গুৱাহটীয়া৷ এতিয়া বৰষুণৰ শংকাত গৃহবন্দী হৈছে ৰাইজ৷
আগতে এজাক বৰষুণতে ফে’চবুকৰ ৱাল কবিতাৰে উপচি পৰিছিল৷ আজিকালি সেইদিন নাই৷ বৰষুণ পৰিলেই ফে’চবুক ভৰি পৰে গুৱাহাটীৰ বানৰ ফটোৰে৷
বৰষুণ বুলিলেই তাহানিৰ ৰোমাণ্টিকতা এতিয়া নাই৷ সম্প্ৰতি দীঘলঠেঙীয়া মানেই গুৱাহাটীবাসীৰ বাবে আতংক৷
বৰষুণত তিতি জুৰুলি-জুপুৰি হৈ মটৰ চাইকেলত যাত্ৰা কৰা প্ৰেমাস্পদৰ ফটো দেখিলেই এতিয়া গুৱাহাটীৰ ৰাইজৰ খঙহে উঠে৷ তেওঁলোকৰ বাবে বৰষুণ মানেই আতংক৷
এদিনৰ আগৰ পানী নুশুকাওতেই বৰষুণে আকৌ ডুবাই পেলাই গুৱাহাটী৷ এইবাৰ কিন্তু গুৱাহাটীত যেন শনিহে লাগিছে৷ ক্ৰমাগত বৰষুণে গুৱাহাটী বাৰম্বাৰ ডুবাইছে৷ কিন্তু সমাধান এতিয়াও সুদূৰ পৰাহত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email