কি কৰিছে পৰেশ বৰুৱাই

হেল্ল’, কোনে কৈছে? মই PBয়ে কৈছোঁ- ফোনৰ সিটো মূৰৰ পৰা এজন পুৰুষে ক’লে
কিন্তু কোন PB?
তেতিয়াহে PBএ নিজৰ পৰিচয়টো ক’লে৷ তেওঁ কৈ উঠিল- মই পৰেশ বৰুৱা৷
নিজকে চীফ অৱ আৰ্মী ষ্টাফ বুলিও চিনাকি দিয়া পৰেশ বৰুৱাই ব্যৱহাৰ কৰে ছেটেলাইট ফোন৷ এসময়ত গুৱাহাটীৰ বিভিন্ন সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ আহিছিল পৰেশ বৰুৱাৰ ফোন৷ তেতিয়া আৰম্ভণিতে নিজৰ চিনাকি দিয়ে পিবি বুলি৷
কিন্তু কথাটো হৈছে দীৰ্ঘদিনীয়া নীৰৱতাৰ পিছত আকৌ কিয় পৰেশ বৰুৱা সম্প্ৰতি প্ৰাসংগিক হৈ পৰিছে? বহুতে ককৰ্থনা কৰাৰ পিছতো কিয় অসমৰ সমাজ জীৱনত অপ্ৰাসংগিক হৈ পৰা নাই বৰুৱা?
গতিকে এতিয়া প্ৰশ্ন হয়, পৰেশ বৰুৱাক প্ৰাসংগিক হ’বলৈ স্থান উলিয়াই দিয়া হৈছে নেকি? ১৫ আগষ্টত বোমা মেলা পাতি পৰেশ বৰুৱাই শক্তি প্ৰমাণ কৰিলে৷
তাৰ পিছত পৰেশ বৰুৱাৰ এটা ধমকতে প্ৰত্যাহাৰ হ’ল চহকী ব্যৱসায়ীৰ এজাহাৰ৷ গতিকে প্ৰমাণিত হ’ল আলফাৰ শক্তি৷
কিন্তু বহুদিনীয়া নীৰৱতাৰ পিছত পৰেশ বৰুৱা কিয় হঠাতে আকৌ সক্ৰিয় হৈ পৰিল সেয়াহে লাখটকীয়া প্ৰশ্ন৷ এতিয়া প্ৰশ্ন উঠিছে অপাৰেশ্যন বজৰং, ৰাইনোৱেও নিঃশেষ কৰিব নোৱাৰা আলফাৰ অসম শক্তিশালী নেকি? পুনৰ আহিব নেকি নব্বৈৰ দশকৰ দৰে দিনবোৰ৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial