পৰেশ বৰুৱাই কি কৈছিল মহন্তক?

বাল্যবন্ধু মুকুল মহন্তই বেংককত লগ ধৰিছিল পৰেশ বৰুৱাক৷ সেইসময়ত আকৌ অসমত অস্থিৰ হৈ পৰিছিল অগপ৷ অতুল বৰাৰ পৰা অগপৰ নেতৃত্ব কাঢ়ি ল’বলৈ উন্মুখ হৈ পৰিছিল প্ৰফুল্ল মহন্ত৷ সেই কথাটোৱেই পৰেশ বৰুৱাৰ ওচৰত ব্যাখ্যা কৰিলে বন্ধু মুকুল মহন্তই৷ তাৎপৰ্যপূৰ্ণভাৱে মুকল মহন্তয়ো প্ৰফুল্ল মহন্তকে সমৰ্থন কৰিলে৷ কিন্তু প্ৰত্যুত্তৰত পৰেশ বৰুৱাই ক’লে-
আপুনি চুপ থাকক
তেতিয়া আকৌ শিৱসাগৰত চলি আছিল অগপৰ কাৰ্যনিৰ্বাহকৰ প্ৰস্তুতি৷ দৰাচলতে সেই সভাতে অগপৰ পুনৰ বিভাজন প্ৰায় খাটাঙেই হৈছিল৷
কিন্তু মুকুল মহন্তৰ মুখেৰে বাৰ্তা শুনি পৰেশ বৰুৱাই ফোন লগালে৷ শিৱসাগৰ জিলাৰে এজন অগপ বিধায়কলৈ ফোন লগালে বৰুৱাই৷
বিপদৰ সময়ত বিদেশৰ পৰা বৰুৱাৰ ফোনৰ পিছতে সকাহ পালে শিৱসাগৰ দিলাৰ বিধায়কজনে৷ তেওঁ কাবৌ-কোকালি কৰি ক’লে- ককাইদেউ, আপুনি কিবা এটা কৰক৷
নহ’লে অতুল বৰাক খেদি মহন্তই আকৌ সভাপতি হ’ব৷ মহন্ত আৰু অতুলৰ পাল্লাত পৰি দল আকৌ ভাঙিব৷
তাৰ পিছতে পৰেশ বৰুৱাই ফোন কৰিয়েই অগপৰ বিভাজন ৰোধ কৰিলে৷ প্ৰফুল্ল মহন্তও থমকি ৰ’ল৷ একত্ৰিত হৈ থাকিল অগপ৷
সেই পৰেশ বৰুৱায়েই আকৌ শক্তি প্ৰদৰ্শন কৰিছে৷ বৰুৱাৰ এষাৰ কথাতে উঠি গৈছে এজাহাৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email