প্ৰধানমন্ত্ৰীৰ জীয়ৰীৰ নৃত্য

সেনা নিয়োজিত চৰকাৰৰ মুৰব্বী হিচাপে বাংলাদেশ শাসন কৰিছে মহম্মদ ইউনুছে৷ শাসনৰ প্ৰথমাৱস্থাতে ইউনুছ উপস্থিত হৈছে ঢাকেশ্বৰী মন্দিৰত৷ চাউল-দাইলৰ সৰবৰাহ বন্ধ নকৰাৰ অনুৰোধেৰে ইউনুছে ফোন লগাইছে নৰেন্দ্ৰ মোদীলৈয়ে৷ কিন্তু এতিয়াও বিদেশতে আছে ইউনুছৰ সুন্দৰী কন্যা৷
অৰ্থনীতিৰ নোবেলজয়ী ইউনুছৰ সুন্দৰী কন্যাৰ নাম মণিকা৷ তেৱোঁ পিতৃৰ দৰেই পণ্ডিত৷ মণিকা ইউনুছ সম্প্ৰতি আম্ৰুকীত কৰ্মৰত৷ তেওঁ কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ৰ কলা অধ্যাপক৷ আন শিক্ষানুষ্ঠানতো মণিকা অতিথি অধ্যাপক৷
কিন্তু মণিকাৰ আন এক পৰিচয়ো আছে৷ পশ্চিম বিশ্বত এই বাংলাদেশী মহিলা কণ্ঠশিল্পী হিচাপে পৰিচিত৷ বিশেষকৈ অপেৰা ছিংগাৰ হিচাপে মণিকা জনাজাত৷
আমেৰিকাকে ধৰি পাশ্চাত্যৰ কেবাখনো দেশত অপেৰা সংগীতৰ বহুল প্ৰচলন আছে৷ এই অপেৰা থিয়েটাৰতে মণিকাই কণ্ঠদান কৰে৷
সেইবাবে কণ্ঠশিল্পী তথা শিল্প বিশাৰদ হিচাপে মণিকাৰ পৰিচিতি আছে৷ অৱশ্যে কেৱল সেয়াই তেওঁৰ একমাত্ৰ পৰিচয় নহয়, মণিকা শিল্পৰ বিষয়ে প্ৰাজ্ঞ ব্যক্তি হিচাপেও জনাজাত৷
সুন্দৰী মণিকা বিবাহসূত্ৰে আমেৰিকাৰে বোৱাৰী৷ তেওঁৰ স্বামীও শিল্পজগতৰ জনাজাত ব্যক্তি৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email