ৰে’ল ষ্টেশ্যনত প্ৰফেশ্যনেল ভগ্নী


ৰে’ল ষ্টেশ্যনত প্ৰফেশ্যনেল ভগ্নী| কথাষাৰ বোধহয় শুনিবলৈ আপোনাৰ অখজা যেন লাগিছে৷ কিন্তু আগতে নাথাকিলেও অসমত এইবাৰ পহিলা দেখা গ’ল বহুতো প্ৰফেশ্যনেল ভগ্নীক৷ ৰাখী বন্ধনৰ উপলক্ষত চহৰৰ ব্যস্ত এলেকাত আবিৰ্ভাৱ ঘটিল শ শ পেছাদাৰী ভগ্নীক৷ যিসকলে অচিনাকি পুৰুষকো নিমিষতে ভাতৃ মানি লৈ সৰুগাঁঠিত পিন্ধাই দিয়ে ৰাখী৷
বিশেষকৈ গুৱাহাটী ৰে’ল ষ্টেশ্যনত ৰাখী বন্ধনৰ দিনটোত পুৱাৰ পৰাই খাপ পিটি ৰৈ থাকিল এচাম অনা-অসমীয়া যুৱতী৷ পুৰুষ দেখিলেই আগবাঢ়ি গৈ তেওঁলোকে হাতত পিন্ধাই দিলে ৰাখী৷ মুহূৰ্ততে অচিনাকি পুৰুষক ভাতৃ হিচাপে বৰণ কৰি তেওঁলোকে দাবী কৰিলে উপহাৰ৷
একেই দৃশ্য দেখা গ’ল ডিব্ৰুগড়তো৷ ৰে’ল ষ্টেশনত চিকাৰৰ সন্ধানত ৰৈ থকাৰ দৰে খাপ পিটি থকা অচিনাকি ভনীয়েকে ৰাখী পিন্ধালে ৰে’লযাত্ৰী পুৰুষক৷
উপায়ন্তৰ হৈ হাত আগবঢ়াই দিবলৈ বাধ্য হ’ল পুৰুষ৷ কিন্তু ৰাখী পিন্ধোৱা ভগ্নীক উপহাৰ দিয়াৰ নামত খৰচ কৰিবলগীয়া হ’ল ধন৷
এইদৰে এচাম পেছাদাৰী ভগ্নীয়ে পৱিত্ৰ উৎসৱক বহুৱালিলৈ পৰিণত কৰিলে৷ প্ৰফেশ্যনেল ভগ্নীয়ে ৰাকী পিন্ধাই উপাৰ্জন কৰিলে ধন৷
অসমত পূৰ্বে কিন্তু এনে হোৱা নাছিল৷ কিন্তু এতিয়া এচাম মহিলাই কেৱল ধনৰ লোভতে ৰাখী বন্ধনক লৈ বহুৱালি কৰিলে৷ বলিৰ পঠাৰ দৰে মূৰ দোৱাই হাত আগবঢ়াই দিলে অচিনাকি পুৰুষে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email