VC ছাৰ, অলপ মন দিয়ক| কি ঘটনা ঘটি আছে চাওক| আমাৰ এই আহ্বান ডিব্ৰুগড় ইউনিভাৰ্ছিটীৰ উপাচাৰ্য মহোদয়ৰ প্ৰতি
বিগত সময়ত বিশ্ববিদ্যালয়খনৰ হোষ্টেলত সংঘটিত হৈছিল জঘন্য ৰেগিং কাণ্ড৷ তাৰ পিছতে পৰিৱেস উন্নত হ’ব বুলি ধাৰণা কৰিছিল সকলোৱে৷ কিন্ত একো নহ’ল৷ এতিয়াও সলনি নহ’ল বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰিৱেশ৷
বৰ্তমান বিশ্ববিদ্যালয়ৰ হোষ্টেলত চলি আছে ৰেগিং৷ সন্ধিয়া হোষ্টেলৰ ভিতৰত প্ৰৱেশ কৰিলেই আপুনি আচৰিত হ’ব৷ কিয়নো দেখিব নৱাগত এদল ছাত্ৰই ডাষ্টবিনৰ সন্মুখত আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰি থকাৰ দৃশ্য৷ গেলা গৰমতো নৱাগত শিক্ষাৰ্থীয়ে আহাৰ খাবলৈ ডাইনিং হলত প্ৰৱেশ কৰিব লাগে দীঘল হাতৰ চোলা পিন্ধি৷ কিয়নো এয়া কোনো ছিনিয়ৰে প্ৰৱৰ্তন কৰা অত্যাচাৰী নীতি৷
অধ্যয়নৰ বাবে ঘৰৰ পৰা যোৱা ছাত্ৰই হোষ্টেলত পঢ়িবলৈ সময়েই পোৱা নাই৷ ছিনিয়ৰৰ শুশ্ৰুষা কৰোতেই দিন গৈছে তেওঁলোকৰ৷
একেদৰে ছিমেষ্টাৰ কাষ চপাৰ সময়তো বিশ্ববিদ্যালয়ৰ কোনো বিভাগতে নাই পঢ়াৰ পৰিৱেশ৷ নৱাগত আদৰণিৰ নামত অৰাজক হৈ পৰিছে বিভাগসমূহৰ পৰিৱেশ৷
ৰাহুল ছেত্ৰীৰ দৰে ক্ৰিমিনেল এতিয়া নাই, কিন্তু হোষ্টেলত আছে ৰাহুলৰ অন্ধ অনুগামী৷ সেইসকলে অত্যাচাৰ কৰিছে কনিষ্ঠ ছাত্ৰক৷
নাকৰ জৰীপত বিশ্ববিদ্যালয়ৰ মৰ্যাদা ধূলিস্যাৎ হোৱাৰ পিছতো গুৰুত্ব নাই কৰ্তৃপক্ষৰ৷ উপাচাৰ্যৰ লগতে হোষ্টেলৰ ৱাৰ্ডেনেও চকু মুদা কুলীৰ দৰে দূৰত্বৰ পৰাই ঘটনাবোৰ চাই আছে৷ কিন্তু নাই মাত মতাৰ সাহস৷