৭০ টকাতে বিয়েৰ

যিমান ভাবিছে তাতকৈ বহু পৰিমাণে কমিব৷ এতিয়াৰ আধা দামতে কিনিব পাৰিব চ্ছীল বিয়েৰৰ বটল৷ বৰ্তমান ১৬০ টকা দামৰ বিয়েৰৰ বটল ৭০ টকাতে পাই যাব৷ মাত্ৰ কিছুদিন অপেক্ষা কৰক৷ তাৰ পিছত কম দামতে সুৰাপানৰ সৌভাগ্য হ’ব আপোনাৰ৷
ৰাজ্যৰ অবকাৰী বিভাগৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে এই তথ্য৷ নাম প্ৰকাশ নকৰা বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি সুৰাৰ দাম ২০ শতাংশ হ্ৰাসৰ বাবে প্ৰথমে সিদ্ধান্ত লোৱা হৈছিল৷
কিন্তু চৰকাৰে অধিক হাৰত দাম হ্ৰাসৰ বাবে নিৰ্দেশ দিলে৷ সেই অনুসৰি আকৌ বিক্ৰী বৃদ্ধি কৰিবলৈ সৰহীয়া হাৰত দাম কমোৱাৰ প্ৰস্তুতি চলোৱা হৈছে৷
গতিকে বিয়েৰৰ বটলৰ দাম আধাতকৈয়ো বেছিকৈ হ্ৰাস কৰিব আবকাৰী বিভাগে৷ প্ৰিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ দামো ৩৫ শতাংশ কমোৱা হ’ব৷ ষ্টেণ্ডাৰ্ড ব্ৰেণ্ডৰ হুইস্কীৰ দাম বিভাগে ৪০ শতাংশ হ্ৰাস কৰিব৷ পিছে ৰেগুলাৰ ব্ৰেণ্ডৰ মদৰ দাম ২০ শতাংশহে কমোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷
চুবুৰীয়া ৰাজ্যৰ তুলনাত যাতে অসমত সুৰাৰ দাম কম হয় তাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে৷ সেয়ে অভাৱনীয়ভাৱে সুৰাৰ দাম কমাবলৈ চলোৱা হৈছে প্ৰস্তুতি৷
এতেকে গোৱাৰ সমান দামতেই অসমতো উপলব্ধ হ’ব বিয়েৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email