এখন গাঁৱত চাৰিটা খেল

গাঁও এখন, খেল তিনিটা
প্ৰতিখন গাঁৱতে চুলি কটা, চুলি নকটা, বামুণীয়াকে ধৰি কমেও তিনিটা খেল আছেই৷ তাৰ মাজতে আকৌ আছে কেবাটাও ভাগ৷ কোনোবাখন গাঁৱত চুলি কটাৰ মাজতে দুটা খেল, আন কৰ’বাত আকৌ চুলি নকটা অৰ্থাৎ শংকৰ সংঘৰ ভকতৰ মাজতে আছে কেবাটাও ফৈদ৷
গতিকে ভাদ মাহত এতিয়া নামঘৰত দৈনিক গোপিনীয়ে নাম লোৱাৰ নিয়ম নাই৷ খেল কেবাটাও হ’লেও নামঘৰ যিহেতু এটাই, সেয়ে পাল পাতি পাতি গোপিনীয়ে নামঘৰত নাম লোৱাৰ নিয়ম কৰিছে৷
এটা নামঘৰত যদি এদিন চুলি কটা খেলৰ গোপীনিয়ে প্ৰসংগ কৰে, আনদিনা বেলেগ এটা খেলৰ গোপীনিয়ে নাম লয়৷
এই ধৰণৰ বিভাজনেৰেই চলি আছে গাঁৱৰ বৈষ্ণৱ সমাজ৷ ভাদমাহত নাম-প্ৰসংগৰ সময়ত কিন্তু প্ৰকট হৈ পৰে এনে বিভাজনৰ দৃশ্য৷
আমি চলোৱা অধ্যয়নৰ তথ্য অনুসৰি কেৱল নগাঁৱৰ ১৪ খন গাঁৱত আছে ৩৩ টা খেল৷ এটা পন্থাৰ ভকতৰ মাজত মনোমালিন্য হ’লেই সুকীয়া খেল গঠন কৰাটো বহুতৰে নিয়ম হৈ পৰিছে৷
তদুপৰি চৰকাৰে নামঘৰ নিৰ্মাণৰ বাবে ধন দিছে৷ তাক লৈয়ো বাঢ়িছে ভকতৰ খোৱা-কামোৰা৷ নামঘৰৰ ধনক লৈয়ে ভকতৰ মনোমালিন্য হৈছে৷ সেয়ে বাঢ়িছে সুকীয়া খেল গঠন৷
এইদৰেই চলি আছে গ্ৰাম্য সমাজ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email