আম্বানিৰ স্বাধীনতাৰ বেপাৰ

ত্ৰিৰংগা পতাকাৰ ব্যৱসায় কৰি কোটি কোটি টকা ঘটিলে আম্বানিয়ে৷ স্বাধীনতা দিৱসৰ উপলক্ষত বাণিজ্যিক চতুৰালিৰে মুকেশ আম্বানিৰ ৰিলায়েন্সে আয় কৰিলে কেবাশ কোটি টকা৷
বিগত সময়ত দেশত একমাত্ৰ খদ্দৰৰ ত্ৰিৰংগা পতাকাহে প্ৰচলিত হৈ আছিল৷ কঁপাহী কাপোৰৰ পতাকাই দেশৰ স্বাধীনতা আৰু গণৰাজ্য দিৱসত উত্তোলন কৰা হৈছিল৷
কিন্তু প্ৰায় তিনিবছৰৰ পূৰ্বে দেশত পলিয়েষ্টাৰৰ পতাকা ব্যৱহাৰৰ অনুমতি দিয়া হ’ল৷ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ জৰিয়তে উপকৃত হ’ল মুকেশ আম্বানি৷
পলিয়েষ্টাৰৰ পতাকা ব্যৱহাৰৰ অনুমতি প্ৰদানৰ ফলত আম্বানিৰ ব্যৱসায়িক শ্ৰীবৃদ্ধি সম্বৱ হৈ পৰিল৷ এইবাৰো সকলোৰে হাতে হাতে ত্ৰিৰংগা গুজি দি উপকৃত হ’ল আম্বানি৷
কাৰণ দেশৰ ভিতৰতে সৰ্বাধিক মাত্ৰাত বৰ্তমান পলিয়েষ্টাৰ উৎপাদন কৰে ৰিয়ালেন্স পেট্ৰ’কেমিকেলছে. গুজৰাটৰ জামনগৰত থকা শোধনাগাৰতে সৰ্বাধিক পলিয়েষ্টাৰ উৎপাদিত হয়৷ সেই পলিয়েষ্টাৰ গুজৰাটৰে ছুৰাটলৈ প্ৰেৰণ কৰা হয়৷ তাতে ৰিলায়েন্সৰ উদ্যোগত তৈয়াৰ কৰা হয় পতাকা৷
এইদৰেই স্বাধীনতাৰ নামতো বাণিজ্য কৰি উপকৃত হৈছে আম্বানি৷ ১৫ আগষ্টত এইবাৰো ত্ৰিৰংগাৰ বেপাৰ কৰি তেওঁ আয় কৰিলে কেবাশ কোটি টকা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email