আদানিৰ লাভৰ বাবে…

অৰ্থাৎ এতিয়ালৈ আপোনাৰ জীৱনৰ সোণালী সময় চলি আছিল৷ শনিৰ প্ৰভাৱ এতিয়াৰ পৰা আৰম্ভ হ’বহে- এইদৰেই ভাবিব পাৰে অসমৰ বিদ্যুৎ উপভোক্তাই৷
স্মাৰ্ট মিটাৰে এতিয়াই সৰ্বনাশ কৰা বুলি যি চিঞৰ-বাখৰ কৰিছে, সেয়া মাত্ৰ আৰম্ভণিহে৷ ইয়াৰ পিছতো বহুখিনি আহি আছে৷
আগলৈ যে বিদ্যুতৰ মাচুল আৰু বাঢ়িব সেয়া খাটাং৷ তাৰ মূল কাৰণ হৈছে শ্বেখ হাছিনাৰ পলায়ন৷
দৰাচলতে বাংলাদেশলৈ বিদ্যুৎ যোগানৰ বাবে ঝাৰখণ্ডৰ গুড্ডাত গৌতম আদানিয়ে ১৬০০ মেগাৱাট শক্তি উৎপাদনক্ষম থাৰ্মেল প্ৰকল্প নিৰ্মাম কৰিছিল৷ সচৰাচতকৈ অধিক দামত শক্তি তাৰ পৰাই কিনিবলৈ সিদ্ধান্ত লৈছিল বাংলাদেশৰ পলৰীয়া প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই৷
ঝাৰখণ্ডৰ গুড্ডাত জনজাতি গাঁও উচ্ছেদ কৰি বাংলাদেশক বিদ্যুৎ যোগানৰ বাবে গৌতম আদানিয়ে স্থাপন কৰিছিল ১৪,৮১৭ কোটি টকীয়া প্ৰকল্প৷ য’ত আদানিৰ বিনিয়োগ আছিল ৪ হেজাৰ কোটি টকা| বাকী ১০,৮১৭ কোটি টকা চৰকাৰে ঋণ হিচাপে দিছিল৷
কিন্তু এই প্ৰকল্পৰ পৰা বিদ্যুৎ ক্ৰয়ৰ সিদ্ধান্ত হাছিনাৰ বাবে বিপজ্জনক হৈ পৰিল৷ প্ৰতিবাদৰ পিছত তেওঁ দেশ এৰি পলাল৷ এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যলয়ৰ নিৰ্দেশ অনুসৰি আদানিৰ গুড্ডা থাৰ্মেল প্ৰকল্পত উৎপাদিত ১৬০০ মেগাৱাট শক্তি ভাৰত চৰকাৰৰ অধীনস্থ নেশ্যনেল গ্ৰীডে ক্ৰয় কৰিব৷
গতিকে আগলৈ বিদ্যুৎ মাচুল অধিক বঢ়াটো খাটাং৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email