সুকৃতি ৰিটাৰ্নছ

সুকৃতি চৌধুৰীৰ কথা আপোনালোকে কিজানি পাহৰা নাই৷ ছ’চিয়েম মিডিয়া ছেন্সেশ্যন সুকৃতিক কোনোএ বাস্তৱত চিনি নাপালে, কেতিয়াও নেদেখিলে৷ কিন্তু সাত সাগৰ তেৰ নদীৰ সিপাৰে জাপানৰ ওছাকাত মৃত্যুৰ খবৰ শুনিয়েই সকলো হৈ পৰিল কাতৰ৷
বহুতে আকৌ সুকৃতিৰ অন্তিম ইচ্ছা পূৰণৰো হাবিয়াস কৰিলে৷ ওছাকাৰ পৰা আনি পাগলাদিয়াত অস্থি বিসৰ্জন দিয়াৰো হেঁপাহ অপূৰ্ণ হৈ ৰ’ল সুকৃতিৰ অনুৰাগীৰ৷ কিন্তু খবৰ ওলাল- সুকৃতিৰ মৃত্যু হৈছে কিলিং অফ৷ বাস্তৱত সুকৃতি নামৰ কোনো মানুহ নাই৷ অৰ্থাৎ সুকৃতি চৌধুৰী ভাৰ্ছুৱেল চৰিত্ৰহে৷
কিন্তু মনিটৰৰ আঁৰৰ সুকৃতি কোন সেয়া এতিয়াও নোলাল৷ পিছে সুকৃতি অধ্যায়ৰ তিনিবছৰৰ পিছত পুনৰাবৃত্তি হৈছে ভাৰ্ছুৱেল চৰিত্ৰৰ মৃত্যুৰ ঘটনা৷ এইবাৰ সকলোকে শোকসাগৰত পেলাই প্ৰাণত্যাগ কৰা চৰিত্ৰটোৰ নাম আয়ুস্মান শৰ্মা৷
শনিবাৰে পুৱাই অসমৰ নেটিজেনে শোকাতুৰ হৈ আৰম্ভ কৰিছিল বিলাপ৷ তেওঁলোকক কোনোবাই খবৰ দিছিল- আয়ুস্মান শৰ্মাৰ মৃত্যু ঘটিছে৷
বহুতো ফে’চবুক বন্ধুৰ সৈতে আন্তৰিক আলাপ কৰা আয়ুস্মানৰ বিয়োগ বিনা মেঘে বজ্ৰপাতৰ দৰে হৈ পৰিল৷ কনিষ্ঠক টিকলি আৰু অগ্ৰজক বন্ধু বুলি মতা আয়ুস্মানলৈ নেটিজেনে শ্ৰদ্ধাঞ্জলি জনালে৷
কিন্তু এঘণ্টাৰ পিছতে পৰ্দা দাং খালে৷ প্ৰমাণিত হ’ল, ইমান দিনে ফে’চবুকত বন্ধুত্বৰ বতৰা বিলাই থকা আয়ুস্মান শৰ্মা ফে’ক একাউণ্ট৷ দিল্লীৰ কোনো যুৱকৰ ফটো ব্যৱহাৰ কৰি অজ্ঞাত লোকে একাউণ্টটো চলাই আছিল৷
গতিকে শোক সাগৰৰ জোৱাৰত ভাটা পৰিল৷ শ্ৰদ্ধাৰ সলনি আয়ুস্মান হৈ পৰিল ঘৃণাৰ পাত্ৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email