জাৰত এটা অভিলেখ হৈছে৷ বিশেষ চৰ্চা লাভ কৰা নাই যদিও ইতিমধ্যে হৈ গৈছে ৱৰ্ল্ড ৰেকৰ্ড৷ এতিয়া গিনীজ বুকক খবৰ দি অসমৰ বিশেষ বিশ্ব অভিলেখৰ বিষয়ে জনালেই কাম হৈ যাব৷
সেই বিশেষ অভিলেকটো স্থাপন কৰিছে আলুৱে৷ যোৱা ৪০ দশকৰ ভিতৰত এইবাৰ সৰ্বাধিক হাৰত বাঢ়িছে আলুৰ দাম৷ মুদ্ৰাস্ফীতি অথবা বজাৰৰ উঠা-নামৰ সকলো অভিলেক ভংগ কৰি এইবেলি আলুৱে অভিলেখ স্থাপন কৰিছে৷
অসমৰ বজাৰত সম্প্ৰতি ১ কেজি আলুৰ ন্যূনতম দাম হৈছে ৪৫ টকা৷ ৪০ টকাত অৱশ্যে দিয়া গেলা-পচচা আলু৷
অৱশ্যে ৪৫ টকাতে সকলো ঠাইতে আলু কিনিবললৈ পোৱা নাযায়৷ উজনি অসমৰ চহৰত ১ কেজি আলুৰ দাম হৈছে ৫০ টকা৷
ডিব্ৰুগড়ত আনকি ৫৫ টকাত ১১০০ গ্ৰাম আলু বিক্ৰীৰো ব্যৱস্থা কৰিছে বেপাৰীয়ে৷ আগতে আলুক পিঁয়াজৰ দামে চেৰ পেলাই আছিল৷ এইবাৰ পিঁয়াজো পিছ পৰিছে৷ আলুৰ তুলনাত কেইটকামান কম হৈছে পিঁয়াজৰ দাম৷
এই অভিলেখৰ কৃতিত্ব দাবী কৰিব পাৰে একালৰ বীৰ ছাত্ৰনেতা তথা বৰ্তমানৰ BTC চীফ প্ৰমোদ বড়োৱে৷ একমাত্ৰ প্ৰমোদৰ বাবেই আলুৱে বিশ্ব অভিলেখ স্থাপন কৰিছে৷
তেওঁ শ্ৰীৰামপুৰ গে’টত ছিণ্ডিকেট বৈধ কৰি দিয়াৰ ফলত অহৰ্নিশে সংগ্ৰহ কৰি থকা হৈছে গুণ্ডাটেক্স৷ ফলত বাঢ়িছে বাহিৰৰ পৰা অহা সকলো সামগ্ৰীৰ দাম৷