গায়ব কৰি দিম!

পুলিচ সাৱধান হোৱাই নাই৷ কিন্তু যেতিয়া অঘটন হ’ব তেতিয়া কৰিবলৈ একো নাথাকিব৷
গ্ৰামাঞ্চলত টমটম চলাই ফুৰা অচিনাকি যুৱকে অসমত অঘটন ঘটাব৷ বিশেষকৈ নগাঁৱত পৰিস্থিতি হৈ পৰিছে বিপজ্জনক৷
নগাঁৱৰ আৰ জি কৰ মেডিকেল কলেজৰ নাৰকীয় ঘটনা অসমতো পুনৰাবৃত্তি নহ’বলৈ বাবে এতিয়াই হ’ব লাগিব সাৱধান৷
ভয়াৱহ পৰিস্থিতিৰ বিষয়ে আমি লাভ কৰিছোঁ ভয়ংকৰ তথ্য৷ প্ৰাপ্ত সম্ভেদ অনুসৰি নগাঁৱৰ ধিঙত টমটম চালকৰ ভাবুকিৰ সন্মুখীন হৈছে অসমীয়া যুৱতী৷ শুকুৰবাৰে সন্ধ্যা যুৱতীগৰাকী টমটমত ধিঙৰ ঘৰলৈ ৰাওনা হৈছিল৷ কিন্তু কোনো কাৰণ নোহোৱাকৈ চালকে জনশূন্য পথত যুৱতীগৰাকীক নিৰ্যাতনৰ চেষ্টা চলালে৷
আনকি
গায়ব কৰি দিম, কোনেও গমেই নাপাব
বুলি যুৱতীগৰাকীক ধমকি দিলে টমটমৰ অচিনাকি চালকে৷ কিন্তু যুৱতীগৰাকীয়ে প্ৰত্যুৎপন্নমতিতাৰে খুৰাকলৈ গুগল লোকশ্যন প্ৰেৰণ কৰি দিলে৷ ফলত কোনোমতে আত্মীয়ই তেওঁক ৰক্ষা কৰিলে৷
খবৰ অনুসৰি তিনিচুকীয়া কলেজৰ এগৰাকী ছাত্ৰীক সন্ধিয়া এদল দুৰ্বৃত্তই আক্ৰমণ কৰিছিল৷ কিন্তু এজন লোকে তেওঁক ৰক্ষা কৰিলে৷
এই দুটা ঘটনা উদাহৰণহে মাত্ৰ৷ যিকোনো সময়তে অসমত ঘটিব পাৰে অঘটন৷ কলকাতা কাণ্ডৰ পুনৰাবৃত্তি ঘটিব পাৰে অসমত৷ তেতিয়া কেৱল জাষ্টিচ ফৰ বুলি লিখা প্লে’কাৰ্জড দেখুৱাই প্ৰদৰ্শনহে কৰিব পাৰিব জনতাই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email