মোদী- RSSৰ সংঘাত

ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ কাৰ্যকালৰ ম্যাদ উকলি গৈছে৷ তথাপি তেৱেঁই হৈ আছে সভাপতি৷ তদুপৰি বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও নড্ডাই কাৰ্যনিৰ্বাহ কৰি আছে৷ গতিকে বিজেপিৰ নতুন সভাপতি নিৰ্বাচনৰ সময় আহি পৰিছে৷
কিন্তু সমস্যা সৃষ্টি হৈছে RSSৰ কঠোৰতাৰ বাবে৷ পূৰ্বৰ দৰে এইবাৰ নৰেন্দ্ৰ মোদীকে সভাপতি বাছনিৰ একক অধিকাৰ দিবলৈ বিচৰা নাই RSSএ৷
গতিকে সংগই প্ৰক্ষেপ কৰিছে নিজা প্ৰাৰ্থী৷ কিন্তু প্ৰসংগটোক লৈ সংঘ আৰু মোদীৰ মাজত সংঘাতৰ সূচনা হৈছে৷ সেয়ে মধ্যস্থতাকাৰীৰ ভূমিকাত অৱৰ্তীণ হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷
খবৰ অনুসৰি সভাপতি নিৰ্বাচনক লৈ ৰাজনাথ সিঙৰ বাসভৱনত বৈঠক অনুষ্ঠিত হৈছিল৷ য’ত উপস্থিত আছিল প্ৰধানমন্ত্ৰীৰ লগতে সৰ সংঘচালক মোহন ভগৱত৷ উক্ত সভাতে সংঘই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে প্ৰক্ষেপ কৰিছে নাগপুৰৰ সন্তান দেৱেন্দ্ৰ ফড়নৱিছক৷ মহাৰাষ্ট্ৰৰ বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰীগৰাকীক সংঘই নিজা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে৷
কিন্তু মোদীয়ে মানি লোৱা নাই ফড়নৱিছৰ নেতৃত্ব৷ প্ৰধানমন্ত্ৰীৰ পছন্দৰ প্ৰাৰ্থী হৈছে অনুৰাগ সিং ঠাকুৰ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীক দলৰ সভাপতি হিচাপে মোদীয়ে পছন্দ কৰিছে৷
পিছে মোদীৰ মতেই দল চলিবলৈ দিয়া নহ’ব বুলি কঠোৰ হৈছে RSS৷ ৰাজনাথ সিঙে মধ্যস্থতা কৰিো সমস্যা সমাধান কৰিব পৰা নাই৷
বিগত সময়ত নড্ডাৰ কথাত অতিষ্ঠ সংঘই বিচাৰিছে অনুগত সভাপতি৷ সেয়ে ৰাজনাথ সিঙে ভাঙিব পৰা নাই আউল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email