আক্লিয়াছ তিৰ্কী এতিয়াও বিজেপিত আছে, কিন্ত কন্যা ৰ’জলীনা তিৰ্কী কংগ্ৰেছী৷ লোকসভা নিৰ্বাচনত কাজিৰঙা সমষ্টিত ৰ’জলীনা আছিল বিৰোধীৰ প্ৰাৰ্থী৷ পিছে বৰা পৰিয়ালৰ ক্ষেত্ৰত সেই ফৰ্মুলা কংগ্ৰেছে নামানিলে৷ কংগ্ৰেছৰ বেয়া দিনত ৰাজীৱ ভৱনৰ ৰখীয়া কৰিও অপমানিত হ’ল অকণ বৰা৷
ৰাজনৈতিক জীৱনত কলংকৰ দাগ থাকিব পাৰে, কিন্তু কংগ্ৰেছৰ অভ্যন্তৰত অকণ বৰাৰ যি ভূমিকা সেয়া কোনেও কালিপৰ্যন্ত অস্বীকাৰ কৰা নাছিল৷ আলফাৰ ভয়ত যেতিয়া হাজাৰ বিজাৰ কংগ্ৰেছীয়ে কাকতত বিজ্ঞাপন দি দলত্যাগ কৰিছিল তেতিয়াও স্তম্ভৰ দৰেই থিয় আছিল অকণ বৰা৷
ৰাজীৱ ভৱন অসমীয়া মধ্যবিত্তৰ বাবে অস্পৃশ্য হৈ পৰাৰ সময়তো অকণ বৰাই সাহস প্ৰদৰ্শন কৰিছিল৷ তেওঁ নিশাও কটাইছিল ৰাজীৱ ভৱনত৷ যাৰ বাবে তেওঁ হৈ পৰিছিল দলৰ নেতৃত্বৰ বিশ্বাসী৷
কিন্তু পুত্ৰ মানস বৰাই বিজেপিত যোগ দি ৰাজীৱ ভৱনক বেইমানি কৰাৰ পিছতে অকণ বৰা দলৰ বাবে অবিশ্বাসী হৈ পৰিল৷ তথাপি কিন্তু কংগ্ৰেছতে থাকিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল অকণ বৰাই৷
পিছে দলৰ শেহতীয়া বৈঠকত অকণ বৰা অপমানিত হ’ল৷ তেওঁক শেহতীয়া বৈঠকখনত কোনেও নামাতিলে৷ ভূপেন বৰায়ো ঠাট্টা কৰিলে তেওঁক৷ অকণ বৰাই নুশুনাকৈহে দলৰ কথা পাতিলে সকলোৱে৷ তেওঁক দেখ দেখকৈ অপমান কৰা হ’ল৷
তাৰ পিছতহে পদত্যাগ কৰিবলৈ ইচ্ছা কৰিলে অকণ বৰাই৷ অপমানিত হৈ ৰাজীৱ ভৱনৰ পৰা ওলাই গ’ল অকণ বৰা৷