যৌনতাৰ ভোকে মানুহবোৰক উন্মাদ কৰি পেলাইছে৷ দয়া-মায়া নোহোৱা হৈছে পাষণ্ড মনুষ্যৰ৷
যদি আপুনি ভাবিছে কলকাতাৰ হাস্পতালৰ নাৰকীয় ঘটনাৰ পুনৰাবৃত্তি নঘটে, তেন্তে ভুলকৈ ভাবিছে৷ দেশত আকৌ সংঘটিত হ’ব এনেধৰণৰ নাৰকীয় ঘটনা৷ আকৌ কোনো যুৱতী নৰপিশাচৰ হিংস্ৰতাৰ বলি হ’ব৷ পাষণ্ডৰ জাকে ৰাংকুকুৰৰ দৰে ফালি ছিৰাছিৰ কৰি পেলাব পৰিয়ালৰ মৰমৰ যুৱতীক৷
এয়া যে হ’ব আমি নিশ্চিত৷ কলকাতাৰ নাৰকীয় ঘটনাৰ পিছত এচাম লোকৰ আচৰণে ইয়াকে প্ৰতিপন্ন কৰিছে৷ আপুনি যদি যোৱা তিনিদিনৰ গুগল ছাৰ্চৰ ট্ৰেণ্ড পৰ্যৱেক্ষণ কৰে তেন্তে দেখিব লজ্জাজনক তথ্য৷ গুগল ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি যোৱা তিনিদিন এচাম কামাতুৰ পাষণ্ডই ইণ্টাৰনেটত কেৱল বিচাৰিছে কলকাতাৰ চিকিৎসকগৰাকীৰ ওপৰত হোৱা নৃশংস কাণ্ডৰ ভিডিঅ’৷
পাষণ্ড নেটিজেনে আতিশয্যৰ ভিডিঅ’ বিচাৰি নেট খুচৰি ফুৰিছে৷ সেইসকলক লাগে কেৱল যৌন ক্ষুধা পূৰণৰ মাধ্যম৷ অশ্লীল ভিডিঅ’ আপলোড কৰা বিভিন্ন মাধ্যমতো সেই দলটোৱে বিচাৰিছে ভিডিঅ’৷ তাৰ পিছতো যদি আপুনি প্ৰতিবাদৰ ঢল দেখিয়েই এনে ঘটনাৰ পুনৰাবৃত্তি নহ’ব বুলি ভাবিছে তেন্তে ভুল ভাবিছে৷